Local, Vocal, Global

এয়াৰ মাৰ্শ্বেল দিলীপ কুমাৰ পাটনায়ক ৪ দিনীয়া অসম ভ্ৰমণ

নিউজ ডেস্ক, ৪ আগষ্ট : এয়াৰ মাৰ্শ্বেল দিলীপ কুমাৰ পাটনায়ক, AOCৰ চীফ, ইষ্টাৰ্ণ এয়াৰ কমাণ্ড (Eastern Air Command) ৩১ জুলাইৰ পৰা ৩ আগষ্টলৈকে ৪ দিনীয়া অসম ভ্ৰমণত আছিল।

তেওঁৰ ভ্ৰমণটো ভগ্নী সেৱাসমূহত যুটীয়া মনোভাৱ আৰু সমন্বয় উন্নত কৰাৰ বাবে আহিছিল।

তেওঁ তেজপুৰৰ বায়ু সেনা আস্থান পৰিদৰ্শন কৰিছিল। এয়াৰ মাৰ্শ্বেল জনে তেওঁৰ ভ্ৰমণৰ সময়ত Su-30MKI যুঁজাৰু বিমানত এটা sortie উৰুৱাইছিল।

তেওঁ Gajraj Corps ভ্ৰমণ কৰিছিল আৰু কৰ্পছৰ মুখ্য কাৰ্যালয়ত মুখ্য কাৰ্যকৰী বিষয়বোৰৰ বিষয়ে অৱগত কৰা হৈছিল।

টুইটাৰযোগে গজৰাজ কৰ্পছে লিখিছে, “ভগ্নী সেৱাৰ মাজত যুটীয়া মনোভাৱ আৰু সমন্বয়উন্নত কৰাৰ দিশত আন এক পদক্ষেপ, ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ চি-ত এঅচি এয়াৰ মাৰ্শ্বেল দিলীপ কুমাৰ পাটনায়কে Gajraj Corps পৰিদৰ্শন কৰে। তেওঁক কৰ্পছ মুখ্য কাৰ্যালয়ৰ মুখ্য কাৰ্যকৰী বিষয়বোৰৰ বিষয়ে অৱগত কৰা হৈছিল।”