Local, Vocal, Global

লভলিনা বৰগোঁহাইৰ কমনৱেলথ গেমছৰ অভিযান সমাপ্ত

নিউজ ডেস্ক, ৪ আগষ্ট : বাৰমিংহামত অনুস্থিত হৈ থকা CWG ২০২২ৰ পৰা আহিল বেয়া খবৰ। বুধবাৰে CWG ২০২২ ত বক্সিং কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগে লগে Ace pugilist লভলিনা বৰগোঁহাইৰ কমনৱেলথ গেমছ (CWG) অভিযান হতাশাজনকভাৱে সমাপ্ত হয়।

মহিলাৰ ৭০ কিলোগ্ৰাম  light middleweightত ৩-২ বিভাজিত সিদ্ধান্তৰ জৰিয়তে লভলিনাই ৱেলছৰ ৰোজি একলেছৰ হাতত পৰাজিত হয়।

উল্লেখ্য যে, বক্সাৰগৰাকীয়ে শনিবাৰে নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক লাইট মিডলৱেট ৭০ কিলোগ্ৰাম শাখাত ৫-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।