Local, Vocal, Global

অক্টোৱৰৰ প্ৰথম সপ্তাহত ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত

গৰমে জ্বলাকলা খোৱা ৰাজ্যবাসীলৈ আশাৰ বতৰা। আগন্তুক কিছু দিনলৈ ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত। ছেপ্তেম্বৰ মাহৰ শেষৰ সপ্তাহত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চালত প্ৰৱল বৃষ্টিপাত হৈছিল যদিও পৰবৰ্তী সময় বিগত কিছুদিনত উৎকট গৰমে দহিছিল ৰাজ্যবাসীক। কিন্তু শেহতীয়া দিল্লীস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা প্ৰকট কৰিছে। অক্টোৱৰৰ প্ৰথম সপ্তাহত অসম,মণিপুৰ,নাগালেণ্ড,মিজোৰা, ত্ৰিপুৰা আৰু মেঘালয়ত মুষলধাৰ বৰষুণৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক কিছু দিনত অসমৰ বতৰৰ কিছু অৱনতি ঘটিব পাৰে।