উৎসৱৰ বাবে ভাৰতীয় ৰে’ল বিভাগৰ চলিব ৩৯২ খন বিশেষ ৰে’ল
আহিব লগা উৎসৱ আৰু তাৰ কাৰণে হ’ব পৰা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ ৰাখি ভাৰতীয় ৰে’ল বিভাগে ৩৯২ খন বিশেষ ৰে’ল ২০ অক্টোৱৰৰ পৰা চলোৱাৰ পৰিকল্পনা কৰিছে। এই ৩৯২ খন ৰেলৰ ১৯৬ খন উজনি মুৱা আৰু ১৯৬ খন নামনি মুৱা হৈ চলিব। এই বিশেষ ৰে’ল সেৱা ৩০ নবেম্বৰলৈ চলিব। ভাড়া ইতিমধ্যে চলি থকা ৰেলৰ সমানে হব। এই বিশেষ ৰে’ল সেৱা কলিকতা,পাটনা,বানাৰসী,লক্ষণৌ আদি মুখ্য নগৰ সংযোগ কৰিব। দুৰ্গা পূজা ,দশহৰা,দেৱালী আৰু চ’ত পূজাৰ প্ৰতি লক্ষ ৰাখি আৰম্ভ হৈছে।