৬৩% সেনা-জোৱানৰ বৈবাহিক জীৱন সুখী নহয়
চাকৰি জীৱনক লৈ সুখী নহয় ভাৰতীয় সেনা-জোৱান-বিষয়া। সৰুৰে পৰা বহু যুৱক-যুৱতীৰ সপোন থাকে ভাৰতীয় সেনাত যোগদান কৰিবলৈ। বহু পূর্বৰে পৰা যুৱক-যুৱতীসকলে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে ভাৰতীয় সেনাত যোগদানৰ বাবে কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা কেইটামান তথ্যই আচৰিত কৰি তুলিছে সকলোকে৷শেহতীয়াকৈ ভাৰতীয় সেনাৰ ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰৰ বিষয়াৰ ৰিয়েকছনক লৈ কৰা এক ৰিপ’র্ট পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ৰিপ’র্টৰ মতে ভাৰতীয় সেনাই ৮৭ শতাংশ জোৱান বিষয়াই বছৰটোত ছুটীয়েই লাভ নকৰে। ৭৩ শতাংশই ছুটী লাভ কৰিলেও আধাতে পুনৰ ঘূৰি আহিবলৈ নির্দেশ দিয়া হয়। অত্যাধিক কামৰ বাবে ৬৩ শতাংশ জোৱান-বিষয়া প্ৰভাব পৰে বৈবাহিক জীৱনত।আনহাতে যুদ্ধ অবিহনে সেনাত বাঢ়ি অহা মৃত্যুৰ হাৰে চিন্তিত কৰিছে সকলোকে। প্ৰত্যেক বছৰে যুদ্ধ অবিহনেই আন কাৰণত ভাৰতীয় সেনাত ১৬০০ জোৱান মৃত্যু মুখত পৰে। যোৱা ছেপ্টেম্বৰ মাহত হার্টএটেকৰ বাবে ভাৰতীয় সেনাত লেফটেনেণ্ট কর্ণেল আৰু কর্ণেল ৰেংকৰ ৬গৰাকী বিষয়াই প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ মৃত্যু হোৱা আটাইকেইগৰাকী বিষয়াৰ বয়স ৪০ৰ পৰা ৪৫ বছৰৰ ভিতৰত। সেনাৰ জীৱনত সমস্যা আৰু হতাশাই বিভিন্ন সময়ত দেখা দিয়ে৷ পুৰ্বে এয়া ইমান ডাঙৰ ইচ্ছু নাছিল। সেনাৰ মাজত দেখা দিয়া এই সমস্যাই নিগেটিভ প্ৰভাৱ নপৰাকৈ সদায় সেনাৰ ওচৰত পর্যাপ্ত সুৰক্ষা তন্ত্ৰ মজুত থাকে। কিন্তু বর্তমানৰ এই ৰিপ’র্টত পৰিস্থিত যথেষ্ট পৰিমাণে সলনি হোৱা দেখা পোৱা গৈছে।