Local, Vocal, Global

অসমবাসীৰ বাবে পূজাৰ উপহাৰ!

অসমবাসীলৈ এক সুখবৰ৷ যোগীঘোপাত স্থাপন হ’ব দেশৰ ভিতৰত প্ৰথমটো আন্তৰ্জাতিক মাল্টি ম’ডেল লজিষ্টিক পাৰ্ক।যোগীঘোপাত থকা অশোক কাগজ কলৰ পৰিত্যক্ত ভূখণ্ডত সৰ্বমুঠ ৬৯৩.০৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব যাতায়াত আৰু যোগাযোগ ক্ষেত্ৰৰ সকলো সা-সুবিধা সমৃদ্ধ লজিষ্টিক পাৰ্ক।ইয়াত ৰে’লপথ, জলপথ আৰু স্থলপথ সংযোজিত হৈ থাকিব। এই পাৰ্কখন অনলাইনযোগে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

আজি আনুষ্ঠানিকভাৱে এনএইচআইডিচিএল আৰু অশোক কাগজ কলৰ মাজত বুজাবুজি স্বাক্ষৰিত হয়।ৰাজ্য চৰকাৰে দিয়া তথ্যমতে মাল্টি মডেল লজিষ্টিক পাৰ্কখন মুঠতে দুটা পৰ্যায়ত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ’ব। সদ্যহতে ২০০ একৰ মাটিৰ ভিতৰত ১০২ একৰ মাটি প্ৰথম পৰ্যায়ত সমাপণ হ’ব লজিষ্টিক পাৰ্কখনৰ স্থাপনৰ কাম। আজি মুখ্যমন্ত্ৰী সোণোৱাল তথা উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত স্বাক্ষৰিত হয় বুজাবুজি পত্ৰ। পাৰ্কখনত সৰ্বমুঠ ৩ হাজাৰ কোটি টকা বিনিয়োগ হ’ব৷