Local, Vocal, Global

বাইডেনৰ কেবিনেটত দুই ভাৰতীয় বংশোদ্ভৱ

আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ’ বাইডেনৰ কেবিনেটত স্থান পাব ভাৰতীয় মূলৰ দুজনকৈ প্ৰসিদ্ধ ব্যক্তিয়ে। এজন আমেৰিকাৰ প্ৰাক্তন ছাৰ্জন জেনেৰেল বিবেক মূৰ্তি আৰু আনজন ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ অধ্যাপক অৰুণ মজুমদাৰ। আমেৰিকাৰ দুখন আগশাৰীৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্ট আৰু পলিটিক’ৰ খবৰ অনুসৰি এই দুই ভাৰতীয় বংশোদ্ভৱ বিশিষ্ট ব্যক্তিক কেবিনেটত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰিব বিচাৰে জ’ বাইডেনে। ক’ভিড-১৯ৰ ক্ষেত্ৰত বাইডেনৰ উপদেষ্টা মণ্ডলীৰ অন্যতম বিবেক মূৰ্তিক নিজৰ কেবিনেটত স্বাস্থ্য আৰু মানৱ কল্যাণ দপ্তৰৰ সচিবৰ দায়িত্ব দিব বিচাৰিছে বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি হেৰিছে। আনহাতে অৰুণ মজুমদাৰক শক্তি সচিব হিচাপে মনোনীত কৰাৰ সম্ভাৱনা। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ কালতো ডেম’ক্ৰেট প্ৰাৰ্থী বাইডেনৰ প্ৰথম শাৰীৰ উপদেষ্টা মণ্ডলীৰ অন্যতম বিবেক মূৰ্তি ২০১৪ চনত তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মনোনয়ন ক্ৰমে আমেৰিকাৰ ছাৰ্জন জেনেৰেল হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। অৱশ্যে অস্ত্ৰ নীতিক লৈ সৰৱ বিবেকৰ নিযুক্তিত এবছৰে অনুমোদন দিয়া নাছিল মাৰ্কিন চিনেটে। মাদক দ্ৰৱ্য আৰু এলকহল আসক্তিৰ বিৰুদ্ধে বিবেক মূৰ্তিৰ এক প্ৰতিবেদনক লৈয়ো সৃষ্টি হৈছিল বিতৰ্কৰ। শক্তি সচিব হিচাপে বাইডেনৰ বাছনিত উঠা অৰুণ মজুমদাৰক ২০০৯ চনত বাৰাক অ’বামাই এডভান্সড ৰিছার্ছ প্ৰজেক্ট এজেঞ্চী-এনাৰ্জীৰ প্ৰতিষ্ঠাপক মুৰব্বী হিচাপে নিযুক্তি দিছিল। আমেৰিকাৰ সংবিধান অনুযায়ী ২০২১ৰ ২০ জানুৱাৰীত বাইডেনে ড’নাল্ড ট্ৰাম্পৰ স্থানত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। তাৰ পিছতে বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ অনুমোদন ক্ৰমে গঠন হ’ব নতুন কেবিনেট।