Local, Vocal, Global

দেশত অক্টোবৰতে চাকৰি গ’ল ১৮ লাখৰ

কৰ’নাই কৰ্মহীন কৰিছে দেশৰ লক্ষ লক্ষজনক। আকৌ এবাৰ সংস্থাপন হেৰুওৱা লোকৰ সংখ্যাই স্পষ্ট কৰি তুলিছে কৰ’নাই বহুতৰে জীৱনলৈ নমাই অনা অমানিশাৰ ছবিখন। কোনো বেচৰকাৰী সমীক্ষাৰ পৰিসংখ্যা নহয়, চৰকাৰী হিচাপ মতে অক্টোবৰ মাহত ১৮ লাখকৈ লোকে সংস্থাপন হেৰুৱাইছে। ছেপ্টেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত এমপ্লয়িজ প্ৰফিডেণ্ট ফাণ্ড অফিচত পঞ্জীকৃত সংস্থাৰ সংখ্যা ৩০ হাজাৰ হ্ৰাস পায়। বিগত মে’ মাহৰ পিছত কৰ্মচাৰী আৰু সংস্থাৰ সংখ্যাৰ এনে বিপুল হাৰৰ হ্ৰাস এয়াই প্ৰথম। যিসময়ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাৰম্বাৰ দাবী কৰিছে যে কৰ’নাৰ বিপৰ্যয় অতিক্ৰম কৰি আকৌ দেশৰ অৰ্থনীতি অগ্ৰসৰ হৈছে, সেই সময়ত কৰ্মসংস্থাপনহীনতাৰ এই পৰিসংখ্যাই দাঙি ধৰিছে বিপৰীত ছবি। বেচৰকাৰী সংস্থাৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড আৰু পেঞ্চন একাউণ্টত দৰমহাৰ ১২ শতাংশ জমা হয়। সম পৰিমাণৰ টকা নিয়োগ কৰ্তায়ো জমা দিব লাগে। ছেপ্টেম্বৰ মাহত EPFOত টকা জমা হোৱা কৰ্মচাৰীৰ সংখ্যা আছিল ৪ কোটি ৭৪ লাখ ৮০ হাজাৰ। অক্টোবৰ মাহত সেই সংখ্যা ১৮ লাখ কমি হ’লগৈ ৪ কোটি ৫৮ লাখ ২০ হাজাৰ। মাৰ্চ মাহত শেষ সপ্তাহত সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ লগে লগে অসংখ্যজনৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। লকডাউনৰ পিছত আনলক আৰম্ভ হ’ল যদিও আজিও সংস্থাপন সম্পৰ্কীয় পৰিস্থিতি ভয়াৱহ হৈয়েই থাকিল। কৰ’না সংক্ৰমণৰ আগৰে পৰাই দেশত নিবনুৱাৰ সমস্যাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে। ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক আছিল নিবনুৱাৰ শতকৰা হাৰ। কৰ’না সংক্ৰমণৰ লকডাউনত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিল।