Local, Vocal, Global

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ ক্ৰিকেটাৰৰ মাজত অনুষ্ঠিত হ’ব ক্ৰিকেট মেছ !

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অলৰাউাণ্ডাৰ ইৰফান পাঠানে সামাজিক মাধ্যমযোগে BCCI লৈ আগবঢ়াইছে এক বিশেষ অনুৰোধ। আনুষ্ঠানিক বিদায় মেছ নেখেলাকৈ অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী ভাৰতীয়  ক্ৰিকেট তাৰকাৰ সৈতে বৰ্তমান ভাৰতীয় ক্ৰিকেটাৰৰ এখন Charity তথা বিদায় খেল অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
ইৰফান পাঠানে উক্ত খেলখনৰ বাবে ইতিমধ্যে ১১জনীয়া প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সকলৰ এটা দলো প্ৰস্তুত কৰিছে। ইৰফানে প্ৰস্তুত কৰা দলটোত আছে বিস্ফোৰক বেটছমেন বিৰেন্দ্ৰ সেহৱাগ আৰু গৌতম গম্ভীৰ, ৰাহুল দ্ৰাৱিড়, ভি. ভি. এছ. লক্ষ্মণ, বিস্ফোৰক অলৰাউাণ্ডাৰ যুৱৰাজ সিং, কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী, অলৰাউাণ্ডাৰ ইৰফান পাঠান আৰু অজিত আগাৰকাৰ লগতে বাওঁহতীয়া বেগী বলাৰ জাহিৰ খান আৰু বাওঁহাতীয়া স্পিনাৰ প্ৰজ্ঞান ওজা।
ইৰফান পাঠানে উল্লেখ কৰে যে আনুষ্ঠানিক বিদায়ী খেল নোপোৱা ক্ৰিকেটাৰৰ বাবে বহুতো লোকে বিদায় খেলৰ কথা উল্লেখ কৰি আছে। আৰু এখন Charity মেছ অনুষ্ঠিত কৰি সেই ক্ৰিকেটাৰ সকলক এখন বিদায় খেল খেলাৰ পোষকতা কৰিছে।