Local, Vocal, Global

পুনৰ ককা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

২০২১ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিদিনে ,নতুন-নতুন প্ৰসংগৰে চৰ্চাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিশেষকৈ কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা সন্দৰ্ভত লাভ কৰিছে বিশেষ চৰ্চা। কিন্তু ইয়াৰ মাজতে এক সুখবৰ আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন আৰু পৰিয়াললৈ। দ্বিতীয় সন্তানৰ পিতৃ হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ।
সম্প্ৰতি ইংলেণ্ডত থকা গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈৰ জীৱনলৈ দেওবাৰে আহে এক কন্যা সন্তান। ২০১৬চনৰ নবেম্বৰ মাহৰ ৮ তাৰিখে গৌৰৱ আৰু এলিজাবেথৰ জীৱনলৈ আহিছিল কবীৰ গগৈ নামে এক পুত্ৰ সন্তান।
নাতিনীৰ জন্মৰ খবৰে উৎফুল্লিত কৰি তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। আগন্তুক এসপ্তাহৰ পিছত পত্নীসহ অসমলৈ আহিব সাংসদ গৌৰৱ গগৈ।