আক্ৰান্তৰ সংখ্যাৰে উপৰ্যুপৰি অভিলেখ ভাৰতৰ
- ২৪ ঘন্টাত দেশত সৰ্বাধিক ২৬,৫০৬ গৰাকী আক্ৰান্ত,মৃত্যু ৪৭৫ গৰাকীৰ।
- সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ২,৩০,৬০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা,মৃত্যু ৯,৬৬৭ গৰাকীৰ।
- দ্বিতীয় স্থানত থকা তামিলনাদুত ১,২৬,৫৮১ গৰাকী আক্ৰান্ত,মৃত্যু ১,৭৬৫ গৰাকীৰ।
- ১,০৭,০৫১ আক্ৰান্তৰে তৃতীয় স্থানত থকা ৰাজধানী দিল্লীত মৃত্যুৰ সংখ্যা ৩,২৫৮ লৈ বৃদ্ধি।
- আক্ৰান্তৰ সংখ্যাই ৩০ হাজাৰ অতিক্ৰম কৰিলে গুজৰাট,উত্তৰ প্ৰদেশ আৰু তেলেংগানাত।
- আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ তৃতীয় স্থানত থকা ভাৰতত এতিয়ালৈ ৮,২১,৪৫৮ গৰাকী,মৃত্যু ২২,১৪৩ গৰাকীৰ।
- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে দেশত অভাবনীয়ভাৱে প্ৰতি ১০ লাখত আক্ৰান্ত ৫৩৭ গৰাকী।
- ৩১ জুলাই পৰ্যন্ত মহাৰাষ্ট্ৰ,তামিলনাদু,ঝাৰখণ্ড আৰু পশ্চিম বংগত লকডাউন,সম্পুৰ্ণ তলাবন্ধ পুনে।
- উত্তৰ প্ৰদেশত ৫৫ ঘন্টীয়া লকডাউন।
- হায়দৰাবাদৰ বৃহত্তম পাইকাৰী বজাৰ বেগম মাৰ্কেট বন্ধৰ ফলত অচল তেলেংগানা,অন্ধ্ৰপ্ৰদেশ।
- ঔৰংগাবাদত বাজাজ অট’,স্ক’ডা অট’,কাৰ্লছবাগ,অজন্তা ফাৰ্মাকে ধৰি বন্ধ বৃহৎ প্ৰতিষ্ঠানৰ কাৰখানা।
- কেন্দ্ৰৰ আনলক-২.০ৰ ব্যৰ্থতাত ভয়ানক অৰ্থনৈতিক মন্দাৰ দিশে দেশ।
- বিভীষিকা ,মন্দাৱস্থাৰ মাজতে সংসদীয় কমিটিক জনালে আই চি এম আৰে-২০২১ চনৰ পূৰ্বে বজাৰলৈ নাহে কৰ’না প্ৰতিষেধক।
- মাৰাত্মক ভাইৰাছৰ কবলত বিশ্বজুৰি এইপৰ্যন্ত আক্ৰান্ত ১,২৫,০৪,৪৫৭ লোক, মৃত্যু ৫,৫৯,৫৮৭ গৰাকীৰ।।