Local, Vocal, Global

সুদূৰ নাইৰোবিত ক’ভিড-১৯ত আক্ৰান্ত মৃত্যু হৈ অসম সন্তানৰ

সুদূৰ নাইৰোবিত ক’ভিড-১৯ত আক্ৰান্ত মৃত্যু হৈ অসম সন্তানৰ । ক’ভিড-১৯ত আক্ৰান্ত হৈ অসম সন্তান কুলদা কলিতাই চিকিৎসা চলি থকাৰ মাজতে মৃত্যুক সাৱটিব লগা হ’ল। ২৩ জুনত শাৰিৰীক অসুস্থতাত ভোগা কলিতাক যোৱা ২৫ জুনৰ দিনা উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসকে কৰ’না হোৱা বুলি নিশ্চিত কৰে। পিছত আই চি ইউৰ ভেন্টিলেটৰত ৰখা হয় যদিও ভাৰতীয় সময় মতে ৯ জুলাইৰ এক বজাত ৫৪ বছৰ বয়সত কুলদা কলিতাৰ দেহাৱসান ঘটে। অত্যন্ত অমায়িক আৰু কষ্টসহিষ্ণু দুধনৈ নিবাসী কুলদাই গুজৰাটৰ পৰা অভিযান্ত্ৰিক বিষয়ত উচ্চ শিক্ষা লৈ ১৯৯৩ চনৰ পৰাই কৰ্মসূত্ৰে নাইৰোবিত বাস কৰিছিল আৰু ১৯৯৮ চনত এষ্ট্ৰ’ন কম্পিউটাৰ লিমিটেড নামৰ কোম্পেনী খুলি নিজৰ কৰ্ম দক্ষতাৰে প্ৰবাসতো বহুজনক সংস্থাপিত কৰিছিল। এজন সফল এণ্টাৰপ্ৰিনিওৰ হ’বলৈ প্ৰয়োজনীয় গুণৰ অধিকাৰী হোৱাৰ সকলো বিষয়ৰ যেন কুলদাৰ অভাৱ নাছিল। মৃত্যুৰ সময়ত কুলদাই তেওঁৰ পত্নী গীতু কলিতাক এৰি থৈ গৈছে।  কুলদাৰ পত্নী আৰু প্ৰতিষ্ঠানৰ অন্যান্যসকলৰ কভিড-১৯ নিগেটিভ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে অনিশ্চয়তাৰ মাজত পৰিয়ালৰ লগতে আত্মীয়-স্বজন আৰু বন্ধু মহল ৷