Local, Vocal, Global

ভাৰত এৰি স্বদেশলৈ উভতি যোৱাৰ বাবে মাৰ্কিন নাগৰিকৰ প্ৰতি নিজ দেশৰ প্ৰশাসনৰ আহ্বান

ভাৰতত কোৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰই আমেৰিকাৰ পৰা ভাৰত ভ্ৰমণলৈ অহা লোক সকলক শীঘ্ৰে ভাৰত এৰি আহিবলৈ নিৰ্দেশ জাৰি কৰিছে।এতিয়া দুয়োখন দেশৰ মাজত দা ইউনাইটেড এয়াৰলাইনছ আৰু এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান চলাচল কৰি আছে আৰু পেৰিছ বা ডোহা হৈ অহা এয়াৰ ফ্ৰান্স কাতাৰ এয়াৰৱেজৰ বিমান চলাচল কৰি আছে।অহাৰ পূৰ্বে বিমানত উঠাৰ আগতে কভিড পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট জমা দিব লাগিব।এই ৰিপৰ্ট তিনি দিনৰ অধিক পুৰণি হব নোৱাৰিব।যদি কোনোবা কোৰোনা আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ পৰিছে তাৰ প্ৰমান হিচাপে স্বাস্থ্য বিভাগ বা চিকিৎসকৰ পৰা অনুমতিপত্ৰ দেখুৱাব লাগি।