Local, Vocal, Global

ড: হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণাত,জালুকবাৰী সমস্টিৰ বিভিন্ন স্থানত আনন্দ উল্লাস

জালুকবাৰী সমস্টিত আনন্দ উল্লাসত মতলীয়া হৈ পৰে দলীয় কৰ্মী সমৰ্থক সকল যিটো সময়ত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে জালুকবাৰী সমস্টিৰ বিধায়ক হিমন্তবিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হয়।সমস্টিৰ বিভিন্ন ঠাইত মিঠাই বিতৰণ,ফটকা আদি ফুটাই আনন্দ উল্লাসৰ সৃস্টি হয়।জালুকবাৰী সমস্টিৰ দদৰা,উত্তৰ গুৱাহাটী,আমিনগাও আদি ঠাইত বিজেপি কৰ্মী সমৰ্থক সকলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ,ভাৰত মাতা কি জয়,আদি ধ্বনি দিয়া পৰিলক্ষিত হয়। হিমন্ত বিশ্ব শৰ্মা কালি সন্ধিয়া ৬বজাত জালুকবাৰী,সমস্টিৰ অন্তৰ্গত আমিনগাৱৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলোত উপস্থিত হৈ প্ৰায় ৩০ মিনিট সময় কটাই গুচি যায়।