Local, Vocal, Global

ধৰা পৰিছে কোৰোনাৰ ভাৰতীয় প্ৰকাৰ , ভাৰত বাংলা সীমান্ত বন্ধৰ ম্যাদ বৃদ্বি

কভিড সংক্ৰমণ বৃদ্ধি হোৱাত বাংলাদেশ চৰকাৰে ভাৰতৰ লগত সীমান্ত বন্ধৰ দিন ১৪ দিনলৈ বৃদ্ধি কৰিছে। হাছিনা চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে যে ২৬ এপ্ৰিলৰ পৰা বন্ধ থকা ভাৰত বাংলাদেশ সীমান্ত আৰু দুসপ্তাহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। এই বন্ধত যাত্ৰীৰ চলাচল বন্ধ থাকিলেও মালবাহী যান বাহনৰ চলাচল অব‍্যাহত থাকিব। বাংলাদেশৰ যিসকল নাগৰিক চিকিৎসাৰ বাবে ভাৰতত আছে আৰু যিসকল ভিছাৰ ম্যাদ ১৫দিন কম তেওঁলোকে বেনাপোন,আখাউৰা আৰু বুড়িমাৰী সীমান্ত চকীৰে দেশলৈ উভতিব পাৰিব।এই সকল লোকে দিল্লী,কলকাতা আৰু আগৰতলাত থকা বাংলাদেশ মিছনৰ অনুমতি লব লাগিব।ভাৰতৰ লগে লগে বাংলাদেশতো কোৰোনা তৃতীয় ঢৌ আহিব বুলি আশংকা কৰা হৈছে।ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজ নিজ স্থানত থাকি ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে।