Local, Vocal, Global

ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষৰ সময়ত মন্তব্য প্রকাশ কৰিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনে।

দুই ৰাষ্ট্র নীতি হৈছে সমস্যা সমাধানৰ একমাত্র পথ।ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষৰ সময়ত মন্তব্য প্রকাশ কৰিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনে।পেলেষ্টাইনী হামাছ আৰু ইজৰাইলৰ সেনাবাহিনীৰ মাজত ভয়াৱহ সংঘর্ষ চলাৰ পাছত শুকুৰবাৰে উভয় পক্ষই যুদ্ধবিৰতি ঘােষণা কৰিছিল।শনিবাৰে হােৱাইট হাউছত এখন সংবাদমেলত ৰাষ্ট্রপতি বাইডেনে কয়,’শান্তি ওভতাই আনিব হলে প্রথমে জেৰুজালেম চহৰত সাম্প্রদায়িক হিংসা বন্ধ কৰিব লাগিব’।পেলেষ্টাইনে যেতিয়ালৈকে ইজৰাইলক এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নিদিব, তেতিয়ালৈকে শান্তি ওভতাই অনাটো সম্ভৱ নহ’ব।ইজৰাইলৰ নিৰাপত্তা নিশ্চিতকৰণৰ ক্ষেত্ৰত আমি দায়বদ্ধ।

আমেৰিকাসহ পশ্চিম বিশ্বৰ সৰহসংখ্যক ৰাষ্ট্ৰই দুই ৰাষ্ট্র নীতিলৈ সমর্থন ব্যক্ত কৰি আহিছে। অর্থাৎ ইজৰাইল আৰু পেলেষ্টাইন দুখন সার্বভৌম ৰাষ্ট্র আৰু এই দুই ৰাষ্ট্রৰ যৌথ ৰাজধানী থাকিব জেরুজালেমত।