Local, Vocal, Global

ৰাজ্যৰ পৰা ক্ৰমাৎ হেৰাই যাব নেকি মৃৎ শিল্প!

শাৰদীয় দুৰ্গোৎসৱৰ বাবে মাজত মাথোঁ দুটা দিন বাকী৷শাৰদীয় বতৰ বুলিলেই সাধাৰণতে সকলোৰে মনত এক বুজাৱ নোৱাৰা উচাহে আৱৰি ধৰে৷ কিন্ত এইবেলি কাল ক’ৰণাৰ সংক্ৰমণৰ আশংকাৰ বাবেই ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ ৰাইজৰ মনত উচাহৰ সলনি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু এই আতংকই পোনে পোনে এক সৰ্বনাশী প্ৰভাৱ পেলাই ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যৰ মৃৎশিল্পীসকললৈ। কাল ক’ৰণাৰ বাবেই মূৰে-কপালে হাত দি এক অন্ধকাৰ ভৱিষ্যতৰ আশংকাত শাৰদীয় বতৰত সদাব্যস্ত মৃৎ শিল্পীসকল৷

বিশ্বনাথৰ মৃৎশিল্পৰ লগত জড়িত লোকসকলৰো বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা৷ যুগ যুগ ধৰি গনেশ পুজাৰ পৰা কালি পূজালৈকে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি বছৰৰ আন সময়ত সুখে-শান্তিৰে বসবাস কৰা বিশ্বনাথৰ মৃৎশিল্পীসকলৰ জীৱন এইবেলি স্তব্ধ৷শাৰদীয় দুৰ্গোৎসৱৰ পুৰ্বে বিগত বৰ্ষৰ লগত ১৫-২০জন বনুৱা লৈ ৪৫খনকৈ প্ৰতিমা তৈয়াৰ কৰি ব্যৱসায় কৰা এইজন বিশ্বনাথ গহপুৰৰ এজন মৃৎশিল্পী৷ এইবেলি কাল ক’ৰণাৰ বাবেই নিজেই নামমাত্ৰ কেইখনমান প্ৰতিমা নিৰ্মাণ কৰিও বিক্ৰীৰ বাবে কোনো পুজা সমিতিৰ অৰ্ডাৰ পোৱা নাই, ফলত দোকানৰ ভাড়া আৰু পৰিয়ালৰ ভৰণ-পোষণৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে মৃন্ময় প্ৰতিমাৰ খনিকৰজনে৷ বিশ্বকৰ্মা পূজাৰ বেলিকাও একেই অৱস্থা ।

কেৱল এইজন মৃৎ শিল্পীয়েই নহয় এই বৃত্তিৰ লগত জড়িত বিশ্বনাথৰ আন ব্যক্তিসকলৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ মৃৎ শিল্পী সকলৰো তদ্ৰুপ অৱস্থা৷ যদি কাল ক’ৰণা ক্ষান্ত নহয় তেন্তে হয়টো কালৰ গৰাহত ক্ৰমাৎ ৰাজ্যৰ পৰা হেৰাই যাব এই সাতামপুৰুষীয়া বৃত্তিটো ৷ কিয়নো এনেদৰে হাহাকাৰ অৱস্থাত পৰি পৰিয়ালৰ ভৰণ-পোষণ দিবৰ বাবেই মৃৎশিল্পীসকলে বাছি ল’ব লাগিব জীৱিকাৰ অন্য পথ৷ চুড়ান্ত অনিশ্চয়তাত ভোগী এই মৃৎ শিল্পীজনে ৰাজ্য চৰকাৰলৈ মৃৎশিল্পীজনে সমগ্ৰ প্ৰতিমা খনিকৰসকলৰ হৈ কৰিছে কাতৰ অনুৰোধ৷

ক’ৰণাই কোঙা কৰা এই মৃৎ শিল্পীসকলৰ জীৱনলৈ জীয়াই থকাৰ সমল ঘূৰাই আনিব পাৰিবনে ৰাজ্যৰ শাষনাধিষ্ঠ সোণোৱাল চৰকাৰখনে ৷ নিৰ্বাচনৰ সময়ত “সকলোৰে আনন্দ সৰ্বানন্দ” শ্লোগান দি গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত নাই নেকি শাৰদীয় বতৰত যুগ যুগ ধৰি আনন্দ কৰা এই মৃৎ শিল্পীসকলক এইবেলিও আনন্দিত কৰিব পৰা কোনো আচঁনি ? নে জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ দিনৰে পৰা হেৰাই যাব মাটিৰে প্ৰতিমা সজা এই সাতামপুৰুষীয়া বৃত্তিটো ?