Local, Vocal, Global

বান্দৰদেৱাত ভয়াৱহ অগ্নিকাণ্ড

লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ ২নং পাৰ্বতীপুৰ গাঁৱৰ জামালউদ্দিনৰ ঘৰত যোৱা নিশা প্ৰায় ৪ বজাত সংঘটিত অগ্নিকাণ্ডত ৬টাকৈ আৱাসিক গৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়৷ বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মদন চন্দ্ৰ কলিতাৰ তৎপৰতাত বিহপুৰীয়া আৰু নাৰায়ণপুৰৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ  গাড়ীৱে দুই ঘন্টা সময়ৰ অন্তত জুই নুমাবলৈ সক্ষম হয়৷ ঘন জনবসতিপূর্ণ গাঁওখন ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে ৷অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷