Local, Vocal, Global

সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত দুর্গাৰ প্ৰতিমা

প্ৰতিগৰাকী মাতৃয়ে এগৰাকী দেৱী যিয়ে নিজ সন্তানৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হৈ যুঁজি যায়। বেঙ্গলৰ দুগৰাকী মৃৎ শিল্পীৰ মত- সকলো প্ৰবাসী মহিলাকৰ্মীয়ে এগৰাকী দেৱী বুলি কল্পনা কৰি প্ৰতিমা সাজি উলিয়াব চেষ্টা কৰিছো। য’ত প্ৰবাসী শ্ৰমিক মহিলাক প্ৰতিনিধিত্ব কৰিছে।
বেহালাৰ বাৰিষা ক্লাৱে আয়োজন কৰা এইবছৰৰ দুৰ্গা পূজাৰ প্ৰতিমাই বহুলভাৱে চর্চা লাভ কৰিছে।ইয়াৰ কাৰণ হৈছে দেৱী দুৰ্গাক এগৰাকী সাধাৰণ মহিলা হিচাপে লৈ সাজি উলিওৱা প্ৰতিমা।প্ৰতিমাখনত মহিলা এগৰাকীয়ে তেওঁৰ সন্তানক কাষত লৈ থকা দেখুৱাইছে। এয়া যেন মাতৃ মমতাৰ প্ৰতীক।

প্ৰতিমাৰ আৰ্হি ৰিণ্টু দাসৰ আৰু সাজি উলিয়াইছে পল্লৱ ভৌমিকে। প্ৰতিমাত উপস্থাপন পাইছে প্ৰবাসী মহিলাকৰ্মীৰ।ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা কৰ্মহীনতা আৰু মহিলাকৰ্মীয়ে নিজৰ সন্তানক লৈ কৰা ঘৰমুখী যাত্ৰাৰ কঠিন ছবিখন ফুটাই তুলিছে।য’ত মাতৃৰ মমতাৰ দৃশ্য ফুটি উঠিছে।
প্ৰতিমাত নাই কোনো ধৰণৰ অলংকাৰ, নাই কোনো ধৰণৰ অস্ত্ৰ-শস্ত্র, আছে মাথোঁ নিজ সন্তানৰ বাবে দহখন হাতত একোটাকৈ আহাৰৰ টোপোলা।