Local, Vocal, Global

স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাৰ্য্য

নিউজ ডেস্ক, ২ আগষ্ট : স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নীয়ে সংঘটিত কৰিলে অতিকে ভয়ংকৰ কাৰ্য্য। যাৰ কথা জানিলে আপোনাৰো গা শিয়ৰি উঠিব।

মহিলা গৰাকীৰ স্বামীয়ে দিয়া মন্তব্য অনুসৰি, মহিলাগৰাকীয়ে গা ধোৱা ঘৰ চাফা কৰিবলৈ আনি থোৱা এচিড উতলাই সেই উতলি থকা এচিডত জলকীয়া গুৰি মিহলাই স্বামীৰ শৰীৰত ঢালে।

জানিব পৰা মতে সুৰা পান কৰি আহি স্বামীয়ে প্ৰায়ে নিৰ্যাতন চলাই পত্নীৰ ওপৰা আৰু সেই নিৰ্যাতনত অতিষ্ঠ হৈ এবাৰ ঘৰ এৰিও গুছি গৈছিল পত্নীগৰাকী।

পাছত দুয়োৰে পৰিয়ালৰ হস্তক্ষেপত ঘৰলৈ উভতি আহিছিল পত্নীগৰাকী। কিন্তু কিছুদিন যোৱাৰ পিছত পুনৰ সুৰা পান কৰি আহি নিৰ্যাতন আৰম্ভ কৰিলে স্বামীয়ে।

অতিষ্ঠ হৈ অৱশেষত এই সিদ্ধান্ত লয় নিৰ্যাতিত পত্নীয়ে। তাৰ পাছতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি কৰায় পৰিয়ালৰ লোকে।

অৱশ্যে, চিকিৎসকে জানিব দিয়া মতে বৰ্তমানে ব্যক্তিজন সংকটমুক্ত আনহাতে পত্নীয়ে স্বামীৰ শৰীৰত ঢলা পদাৰ্থও এচিড নহয় ,গৰম পানীতহে কোনো বিষাক্ত কেমিকেল মিহলি কৰি তেনেদৰে ঢালিছিল।

যাৰ বাবেই স্বামীৰ অৱস্থা বৰ্তমানে সুস্থিৰ।