Local, Vocal, Global

বনৰীয়া হাতীৰ আতংকত গোটেই ৰাতি এজোপা গছৰ ওপৰত কটালে তিনিজন যুৱকে

নিউজ ডেস্ক, ২ আগষ্ট : সোমবাৰে ধেমাজি জিলাত সন্ধানহীন হোৱা তিনিজন নাবালক ল’ৰাক জোনাইৰ কাষত অৱস্থিত এখন ঘন অৰণ্যৰ গছৰ ওপৰৰ পৰা উদ্ধাৰ কৰা হৈছিল।

খবৰ অনুসৰি, তিনিওজনে তেওঁলোকৰ ঘৰুৱা বলদ বিচাৰি অৰণ্যলৈ যোৱাৰ সময়ত তেওঁলোকে এটা বনৰীয়া হাতীৰ মুখামুখি হৈছিল।

বনৰীয়া হাতীৰ উপস্থিতিৰ বাবে আতংকিত হৈ তিনিওজনে দৌৰি গৈ গছ এডালত আশ্ৰয় লৈছিল । আনহাতে হাতীটো সিহঁতৰ ঠিক তলতে থকাৰ বাবে গুটেই ৰাতিটো জোনাইৰ কাষৰ অৰণ্যৰ এজোপা গছৰ ওপৰত কটাবলৈ বাধ্য হৈছিল।