Local, Vocal, Global

বাৰ্মিংহামত ইতিহাস ৰচিলে অসম কন্যাই

নিউজ ডেস্ক, ২ আগষ্ট : বাৰ্মিংহামত অনুস্থিত কমনৱেলথ গেমছত ইতিহাস ৰচিলে অসম কন্যাই।

ল’ন বলত সোণৰ পদক আজুৰিলে ভাৰতীয় মহিলা দলে। ভাৰতৰ চাৰি মহিলাৰ লন বলিং দলে মঙলবাৰে বাৰ্মিংহামত অনুস্থিত কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ লাভ কৰি ইতিহাস সৃষ্টি কৰিছে।

ৰূপা ৰাণী তিৰ্কী, লভলী চৌবে, পিংকী আৰু নয়নমনী শইকীয়াৰ (Rupa Rani Tirkey, Lovely Choubey, Pinki, Nayanmoni Saikia) নেতৃত্বত দলটোৱে লন বাউলত ২০১৮ চনৰ ৰূপৰ পদক বিজয়ী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দেশৰ প্ৰথমটো পদক অৰ্জন কৰে।

১৭-১০ ৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাক হৰুৱাই সোণৰ পদক অৰ্জন ভাৰতীয় দলটোৰ।