Local, Vocal, Global

পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামী আৰু শাহুৱেকক…

ডিজিটেল ডেস্ক:-দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত।বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামী আৰু শাহুয়েক। ঘটনাৰ বিৱৰণী অনুসৰি স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ । তাৰ পাছত মেঘালয়ৰ ডাউকি অঞ্চলত পেলাই দিছিল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ।হত্যাকাণ্ড সংঘটিত কৰি পলিথিনত ভৰাই দুয়োটা মৃতদেহ মেঘালয়লৈ লৈ গৈছিল বন্দনা, বন্দনাৰ অবৈধ প্ৰেমিক ধনজিৎ ডেকা আৰু ধনজিতৰ বন্ধু অৰূপ দাস। মেঘালয়ৰ ডাউকীত পথৰ দাঁতিৰ খাৱৈত পেলাই দিছিল মৃতদেহ দুটা। ইতিমধ্যে উদ্ধাৰ হৈছে শাহুৱেক শংকৰী দে’ৰ মৃতদেহ। কিন্তু বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।