Local, Vocal, Global

আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্ক:-আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব গৃহমন্ত্ৰীৰ বিমান। ডিব্ৰুগড়ৰ পৰা নাগালেণ্ডৰ মন জিলালৈ হেলিকপ্টাৰেৰে যাব শ্বাহে। মনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। মন জিলাত এক বিশাল ৰাজহুৱা সমদলত ভাষণ দিব শ্বাহে আৰু নিৰ্বাচনমুখী নাগালেণ্ডত বিজেপিৰ প্ৰচাৰ অভিযান চলাব।মন জিলাৰ সদৰতে নিশা কটাব অমিত শ্বাহে। মঙলবাৰে নাগালেণ্ডৰ টুৱেনছাঙৰ প্ৰচাৰ সভাত ভাগ ল’ব শ্বাহে। ইয়াৰ পিছতে ডিমাপুৰ হৈ শ্বিলঙলৈ যাব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বিলঙতো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।তথ্য অনুসৰি, শ্বাহে ২১ ফেব্ৰুৱাৰীত টুয়েনচাং জিলাত প্ৰচাৰ চলাব।লক্ষণীয়ভাৱে, ৬০ জনীয়া নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। বিজেপিয়ে ২০ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব, আনহাতে ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ এন.ডি.পি.পি.-য়ে ৪০ খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।