Local, Vocal, Global

বন্দনাৰ পিতৃৰ ভাষ্য যদি তাই দোষী তেন্তে গুলীয়াই মাৰক;তেনেকুৱা ছোৱালী আমাক নালাগে

ডিজিটেল ডেস্ক:-বন্দনাৰ পিতৃৰ ভাষ্য যদি তাই দোষী তেন্তে গুলীয়াই মাৰক ।তেনেকুৱা ছোৱালী আমাক নালাগে।নুনমাটি হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতে একাংশই সন্দেহ কৰিছিল যে বন্দনাৰ পিতৃ-মাতৃও এই হত্যাকাণ্ডৰ লগত জড়িত আছিল ।কিন্তু এই অভিযোগৰ পিছতে বন্দনাৰ পিতৃ কামিন কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে মিলি হত্য়া কৰিছিল স্বামী আৰু শাহুৱেকক।পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হয় এই হত্যাকাণ্ড।ধনজিত ডেকাৰ সৈতে বন্দনাৰ আছিল প্ৰেমৰ সম্পৰ্ক।স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ ।এই হত্যাকাণ্ডৰ দুদিন পিছতে বন্দনাই শাহুৱেক শংকৰী দে’ক হত্য়া কৰিছিল।এই হত্যাকাণ্ডৰ সহযোগ দিছিল বন্দনাৰ প্ৰেমিক ধনজিত ডেকা আৰু আৰু ধনজিত ডেকাৰ বন্ধু অৰূপ দাসে।তিনিও মৃতদেহ লৈ গৈ মেঘালয়ত পেলাই দি আহিছিল।তাৰ পাছতে বন্দনাৰ আৰম্ভ হৈছিল নাটক। স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীত দাখিল কৰিছিল গোচৰ।ইফালে শাহুৱেক আৰু স্বামীক হত্যা কৰি পাপ মোচনৰ বাবে ঘৰত সত্য নাৰায়ণ পূজা পাতিছিল বন্দনা কলিতাই।পৰৱৰ্তী সময়ত পুনৰ শাহুৱেকৰ একাউণ্টৰ ধন অমৰজ্যোতিৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছিল বন্দনাই।কিন্তু নিজেই পতা জালত বন্দী হ’ল বন্দনা। আৰক্ষীয়ে বন্দনাই দাখিল কৰা দ্বিতীয়খন এজাহাৰৰ ভিত্তিত তদন্ত কৰি জানিব পাৰিলে যে শাহুৱেক শংকৰী দে’ৰ একাউণ্টৰ ধন বন্দনাই উলিয়াইছিল। তাৰ পিছতে বন্দনাৰ ওপৰত সন্দেহ হয় আৰক্ষীৰ। আৰক্ষীৰ জেৰাত বন্দনাৰ মুখেৰেই ওলাল চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য।