Local, Vocal, Global

শীতত কম পানী খালেও হয় নেকি?

শৰীৰটোক যিকোনো পৰিৱেশত খাপ খাব পৰাকৈ বিভিন্ন উপাদানৰ প্রয়োজন।শৰীৰটোক নিতৌ কাৰ্য সম্পাদনৰ বাবে যিবোৰ উপাদানৰ প্রয়োজন সেইবোৰৰ ভিতৰত অন্যতম হ’ল পানী। প্ৰতিগৰাকী ব্যক্তিক কিমান পৰিমাণৰ পানীৰ প্রয়োজন সেয়া নির্ভৰ কৰে ব্যক্তিজনে কি ধৰণৰ কাম কৰে। পথাৰত কাম কৰা ব্যক্তি এগৰাকীক যিমান পানীৰ প্রয়োজন সিমান পৰিমাণৰ পানীৰ প্ৰয়োজন নহ’ব পাৰে শীত-তাপ নিয়ন্ত্রিত কোঠাত বেছি ভাগ সময় অতিবাহিত কৰা ব্যক্তিগৰাকীক। পিছে শীতৰ সময়ত গৰমৰ দিনৰ তুলনাত কম পৰিমাণৰ পানীৰ প্রয়োজন হয়। কাৰণ গৰমৰ দিনত শৰীৰৰ পৰা পানী  ঘামৰ ৰূপত বাহিৰলৈ ওলাই আহে। পানীৰ স’তে বিভিন্ন ধৰণৰ খনিজ দ্রব্যও নিৰ্গত হয়। শীতত কমসংখ্যক লোকৰহে ঘাম ওলাই যদিহে সেই ব্যক্তিগৰাকী কোনো কথাক লৈ আতংকিত হয়। অৱশ্যে বহু লোকে শীতৰ সময়ত প্রয়োজনতকৈও কম পৰিমাণে পানী খায়। মনত ৰখা উচিত শীত হলেও শৰীৰৰ বাবে যিমান পানীৰ প্রয়োজন সিমান পৰিমাণৰ খাবই লাগিব। নহ’লে অংগ-প্ৰত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰিব।