অজন্তা নেওগ, ৰ’জলিনা তিৰ্কী, ৰাজদ্বীপ গোৱালা ২৬ ডিচেম্বৰত বিজেপিলৈ!

কংগ্ৰেছত আকৌ এবাৰ ব্যাপক খহনীয়াৰ আগজাননী। ৩গৰাকীকৈ কংগ্ৰেছী বিধায়কে শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন। কংগ্ৰেছক শক্তিহীন কৰিবৰ কাৰণে বিজেপিয়ে আকৌ এবাৰ ব্যাপক হাৰত কংগ্ৰেছী নেতাক দললৈ অনাৰ কৌশল হাতত লৈছে। তাৰেই অংশ হিচাপে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চাহ খাই গ’ল গোলাঘাট সমষ্টিৰ কংগ্ৰেছ বিধায়িকা, ৰাজ্যৰ প্ৰাক্তন গড়কাপ্টানী মন্ত্ৰী, উজনিৰ প্ৰভাৱশালী তথা ব্যক্তিত্বসম্পন্ন নেত্ৰী অজন্তা নেওগে। মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অজন্তা নেওগৰ এই বৈঠকে দীৰ্ঘদিন ধৰি কংগ্ৰেছ বিধায়িকাগৰাকীৰ বিজেপি গমন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাক সত্য বুলিয়েই প্ৰমাণিত কৰিলে। একেদৰে সৰুপথাৰৰ কংগ্ৰেছ বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে কেইদিনমান পূৰ্বে নিজৰ সমষ্টিতে বিজেপিৰ কাৰ্যালয়ত গামোছা পিন্ধি যোৱাক লৈ চৰ্চা চলিয়েই আছে। আনহাতে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কংগ্ৰেছ দলে ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন কৰা বৰাকৰ লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালাৰ বিজেপি গমন ইতিমধ্যে নিশ্চিত হৈ আছিল। ২৬ ডিচেম্বৰত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ উপস্থিতিতে এই ৩ কংগ্ৰেছী বিধায়কে গেৰুৱা বসন পিন্ধিব বুলি জানিব পৰা গৈছে।