Local, Vocal, Global

বিটিচিৰ মুখ্য কাৰ্যালয় এতিয়া মহানগৰীৰ ‘হোটেল লিলি’

বিটিচিত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পৰা আজিলৈকে চৰ্চাৰ কেন্দ্ৰবিন্দু গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ ছয়মাইলত অৱস্থিত এখন বিলাসী হোটেল। এই হোটেল লিলিতে আৰম্ভ হ’ল ৰাজ্যৰ ৰাজনীতিলৈ নতুনকৈ আমদানি হোৱা ৰিজ’ৰ্ট সংস্কৃতি। ভাৰতৰ আন আন ৰাজ্যত চৰকাৰ গঠন বা চৰকাৰ ভংগৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে নিজ দলৰ নিৰ্বাচিত প্ৰতিনিধিসকলক বিলাসী  হোটেল বা ৰিজ’ৰ্টত আৱদ্ধ কৰি ৰখাৰ কথা সৰ্বজনবিদিত। কিন্তু অসমত এইবাৰ বিটিচি নিৰ্বাচনৰ ফলাফলৰ পিছত এই পৰম্পৰা আৰম্ভ কৰিলে বিজেপিয়ে। হৰ্ছ ট্ৰেডিঙত সিদ্ধহস্ত বুলি ‘সুনাম’ থকা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ইংগিততে বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদসকলক গুৱাহাটীৰ হোটেল লিলিত একেলগে ৰখাৰ ব্যৱস্থা কৰা হ’ল। তেওঁলোকক অহৰ্নিশে পৰ্যবেক্ষণত ৰাখিলে ড০ শৰ্মাৰ একাধিক অনুগত নেতাই। প্ৰমোদ বড়োৰ শপত গ্ৰহণৰ দিনটোৰ বাবে হোটেল লিলিৰ পৰা এখন মাৰ্ছিডিছ বাছত তুলি কোকৰাঝাৰলৈ লৈ যোৱা হ’ল পাৰিষদগণক। শপতগ্ৰহণ শেষ হোৱাৰ পিছতে আকৌ মাৰ্ছিডিছ বাছত তুলি তেওঁলোকক ওভতাই অনা হ’ল হোটেল লিলিলৈ। হোটেল লিলিত উপস্থিত হ’ল নৱ নিৰ্বাচিত বিটিচি প্ৰধান প্ৰমোদ বড়োও। কাৰ্যতঃ বিটিচিৰ নৱ নিৰ্বাচিত পৰিষদৰ কাৰ্যালয়ত পৰিণত হ’ল গুৱাহাটীৰ হোটেল লিলি। প্ৰমোদ বড়োৱে ক’লে- নতুন পৰিষদৰ পৰিকল্পনা যুগুত কৰিবলৈহে হোটেল লিলিত বাহৰ পাতিছে নৱ নিৰ্বাচিত পাৰিষদসকলে। প্ৰমোদ বড়োৰ এই মন্তব্য কিন্তু মুঠেও পতিয়নযোগ্য নহয়। বড়োভূমিৰ ৰাজনীতিৰ ভিতৰুৱা খবৰ অনুসৰি হাগ্ৰামাৰ ভয়তে নতুন পাৰিষদগণক একপ্ৰকাৰ আৱদ্ধ কৰি ৰখা হৈছে গুৱাহাটীৰ বিলাসী হোটেলখনত। UPPL আৰু বিজেপিৰ সন্দেহ মাত্ৰ ৩জন পাৰিষদক নিজৰ ফালে টানিব পাৰিলেই হাগ্ৰামা মহিলাৰীয়ে পতন ঘটাব পাৰিব বিটিচিৰ পৰিষদৰ। দলত্যাগবিৰোধী আইন স্বায়ত্ত শাসিত পৰিষদৰ বেলিকা প্ৰযোজ্য নোহোৱাৰ সুযোগ গ্ৰহণ কৰি UPPL, BJP বা GSPৰ নৱ নিৰ্বাচিত কোনো পাৰিষদক হাগ্ৰামা মহিলাৰীয়ে যাতে নিজৰ ফলীয়া কৰিব নোৱাৰে তাৰ বাবে সতৰ্কতামূলকভাৱে হোটেল লিলিত একত্ৰে ৰখা হৈছে পাৰিষদসকলক। কূট-কৌশল কিম্বা ধনবলেৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আন দলৰ কেইজনমান পাৰিষদৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰি থকা বুলি খবৰ পাইছে বিজেপি নেতৃবৰ্গই। গতিকেই বিজেপিয়ে আৰম্ভ কৰিলে হোটেল লিলিৰ এই নতুন ৰাজনীতি। শপত গ্ৰহণৰ পিছতো যে প্ৰমোদ বড়ো নেতৃত্বাধীন নতুন পৰিষদৰ প্ৰতি হাগ্ৰামা মহিলাৰীয়ে ভাবুকিৰ সৃষ্টি কৰি আছে সেয়াও জলজল পটপট।