Local, Vocal, Global

তান্ত্ৰিক ঘনশ্যাম, প্ৰমোদ বড়োৰ পৰিষদত ধৰ্ষণত অভিযুক্ত তান্ত্ৰিক

প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ দায়িত্ব ল’লে নতুন পৰিষদ। প্ৰমোদ বড়োৰ সৈতে কাৰ্যবাহী সদস্যৰূপে শপত ল’লে নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পাৰিষদ ঘনশ্যাম দাসে। নৱ শৰণীয়া নেতৃত্বাধীন জিএছপিৰ একমাত্ৰ পাৰিষদ হ’ল দিহিৰাৰ নৱ নিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাস। এই ঘনশ্যাম দাসৰ আছে এক কলংকিত অতীত। এগৰাকী ১৫ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ এক গুৰুতৰ অভিযোগত অভিযুক্ত এইজন ঘনশ্যাম দাসৰ অতীত পৰিচয় হ’ল এজন বাবাজীৰ। বাবাজীৰ বেশ লৈ ৰোগীক আৰোগ্য কৰাৰ নামত ১৫ বছৰীয়া কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ ঘনশ্যাম দাসৰ বিৰুদ্ধে। আনকি ঘনশ্যাম দাসৰ বলাৎকাৰৰ বলি সেই কিশোৰীগৰাকীয়ে ২০১৯ৰ ৮ এপ্ৰিলত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জন্ম দিছিল এটি কন্যা শিশু। তেতিয়াও বিটিচিৰ এজন পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ঘনশ্যাম দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল দিহিৰাৰ সেই সময়ৰো এমচিএলএ ঘনশ্যাম দাসক। আনহাতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে এগৰাকী বেংক বিষয়াৰ ঘৰুৱা সহায়ক হিচাপে কাম কৰি আছিল। পৰৱৰ্তী সময়ত সন্তানসহ সেই কিশোৰীগৰাকীক ৰাজ্যিক নাৰী গৃহত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰো আৱেদন কৰিছিল। মূৰকত আৰক্ষীয়ে ঘনশ্যাম দাসক অভিযুক্ত কৰি দাখিল কৰিছিল ছাৰ্জশ্বীট। তেনে এজন তথাকথিত তান্ত্ৰিকেই পুনৰবাৰ নিৰ্বাচিত হোৱাৰ পিছত বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব পালে। পৰিৱৰ্তন আৰু স্বচ্ছ, দুৰ্নীতিমুক্ত বিটিচিৰ আশ্বাসেৰে দায়িত্ব লোৱা প্ৰমোদ বড়োৰ বাবে এতিয়া সম্পদতকৈও আপদ হৈছে ঘনশ্যাম দাস। প্ৰশ্ন উঠিছে এনে এজন কিশোৰী ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্তক লগত লৈ কিমানদূৰ কলংকমুক্ত হৈ বিটিচি চলাব নৱ নিযুক্ত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে?।