Local, Vocal, Global

ৰেড ওৱাইন সেৱনৰ উপকাৰিতা আছে নেকি?

ৰেড ওৱাইন হ’ল এক ধৰণৰ ওয়াইন। আপুনি যেতিয়া আপোনাৰ বন্ধুৰ সৈতে পাৰ্টী কৰে বা  দিনটোৰ ভাগৰ দূৰ কৰিবৰ বাবে হাতত এক গ্লাছ ৰেড ওয়াইন তুলি লয় , আপোনাৰ হয়তো নিজকে অপৰাধী যেন অনুভৱ হয়। কাৰণ সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । কিন্তু এক গৱেষণাত প্ৰমাণ হৈছে যে সামান্য পৰিমাণৰ ৰেড ওৱাইন আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপুনি ৰেড ওৱাইন সঠিক পৰিমাণে সেৱন কৰে, আপুনি আপোনাৰ শৰীৰৰ শৰ্কৰা স্তৰো বৃদ্ধি কৰিব পাৰে, ভাল টোপনিও পাব পাৰে, কথা কোৱাৰ সমস্যা হ্ৰাস পায়, হৃদৰোগৰ সমস্যাতো সুফলদায়ী।

 ৰেড ওৱাইনৰ ৫টা স্বাস্থ্য সংক্ৰান্তীয় উপকাৰিতা

স্মৃতিশক্তিৰ উন্নতিঃ ৰেড ওৱাইনত থকা ৰেসভেৰাট্ৰোল নামৰ উপাদানে ক্ষনস্থায়ী স্মৃতিশক্তিৰ বৃদ্ধিত সহায় কৰে। গৱেষণাত প্ৰকাশিত হৈছে যে, ৰেসভেৰাট্ৰোল চাপ্লিমেন্ট লোৱাৰ ৩০ মিনিট পাছত দেখা পোৱা যাব যে ব্যক্তিজনৰ শব্দ মনত ৰখাৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি পাইছে।

হৃদপিণ্ডক সুস্থ সবল ৰাখেঃ ৰেড ওৱাইন এন্টিঅস্কিডেন্ট আৰু ৰেসভেৰাট্ৰোল নামৰ উপকাৰী উপাদানৰে ভৰপুৰ, যিয়ে হৃদপিণ্ডক সুস্থ কৰি ৰাখাত সহায় কৰে। এন্টিঅস্কিডেন্টে উপকাৰী কোলেসস্টোলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ই এইচডিএল নামেও পৰিচিত।

অতিৰিক্ত চৰ্বি কমাইঃ খাদ্যৰ লগত ৰেড ওৱাইন সেৱন কৰিলে মেটাবলিজমৰ স্তৰ সঠিক থাকে, যাৰ দ্বাৰা খাদ্য অতি সহজতে হজম হয় আৰু লগতে শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’ব নিদিয়ে। ৰেড ওৱাইনে দেহৰ অতিৰিক্ত চৰ্বী কমোৱাত সহায় কৰে।

সুস্থ ছালঃ ৰেড ওৱাইন ছালত প্ৰয়োগ কৰিলে, ই ছালৰ মৃত কোষ পৰিস্কাৰ হোৱাত সহায় কৰাৰ লগতে আপোনাৰ ছালখল কোমল কৰিব। সেইবাবে আজিকালি বিউটি চেলুনসমূহতো ব্যবহাৰ কৰা হয় ৰেড ওয়াইন। যদি আপুনি ৰেড ওৱাইন ব্যবহাৰ কৰি উজ্জল ছাল পাব বিচাৰে তেনেহলে আপুনি ৰেড ওৱাইনৰ লগতে ব্যবহাৰ কৰিব লাগিব দৈ, চেনী, গ্ৰীণটিৰ এটি সংমিশ্ৰণ ।

জ্বৰ-কাহৰ পৰা মুক্তিঃ ঠাণ্ডাৰ দিনত সচৰাচৰ জ্বৰ-কাহ হৈ থাকে। প্ৰতিদিনে ৰেড ওৱাইনৰ সেৱন কৰিলে আপোনাৰ জ্বৰ-কাহ হোৱাৰ সম্ভাৱনা কমে।