Local, Vocal, Global

পশ্চিম ডাবলঙৰ পৰা আটক দুই প্ৰৱঞ্চক বেজ

হোজাই জিলাৰ লংকা আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা পশ্চিম ডাবলঙৰ পৰা আটক কৰে দুই প্ৰৱঞ্চক বেজক ।আটকাধীন  দুই প্ৰৱঞ্চক বেজ হল ক্ৰমে নগাঁওৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰীৰ ইদ্ৰিছ আলী আৰু হিফজুৰ ৰহমান। আৰক্ষীয়ে দুই প্ৰৱঞ্চকৰ পৰা উদ্ধাৰ কৰে ১কিঃগ্ৰাঃৰ দুখন সন্দেহজনক সোণৰ বিস্কুট সহ AS-02M-1646 পঞ্জীয়ণ নম্বৰৰ এখন  চুইফট ডিজায়াৰ গাড়ী।আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে, বিগত কেইবামাহৰ পৰায়েই দুই প্ৰৱঞ্চকে লংকাৰ পশ্চিম ডাবলঙৰ তাজউদ্দিন নামৰ লোকজনৰ ঘৰত বেজালিৰ কাৰবাৰ চলাই আছিল। তাজউদ্দিনৰ পৰিয়ালৰ এজন লোকৰ হঠাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি লোকজন শৰণাপন্ন হৈছিল এই দুই প্ৰৱঞ্চক বেজৰ কাষত।তাৰপাছত দুই প্ৰৱঞ্চক বেজে তাজউদ্দিনৰ ঘৰৰ অপায় অমংগল দুৰ কৰাৰ নামত আৰু ঘৰৰ চৌহদত থকা এটা গোপন সোণৰ ভাণ্ডাৰৰ সন্ধান দিয়াৰ আভূৱা ভাঁৰি তিনি/চাৰিটা কিস্তিত তাজউদ্দিনৰ পৰা সৰকাই নিছিল ১লাখ ২৬ হাজাৰ টকা।ইয়াৰ পাছত ৮তাৰিখে বুধবাৰে নিশা তাজউদ্দিনৰ ঘৰত উপস্থিত হৈ দুই বেজে সোণৰ সন্ধানত নামি পৰিছিল।কিন্ত গাঁওখনৰ একাংশ ৰাইজে বেজালি কৰিব অহা দুই প্ৰৱঞ্চকৰ কাণ্ডত সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে।বৰ্তমান প্ৰৱঞ্চক ৰূপী দুই বেজ ৰঙাঘৰৰ আলহী।