Website Design: dastechnologies.in
ক্ৰমাৎ গণ সংক্ৰমনৰ দিশে বজালী। বজালীৰ নিত্যানন্দত ২৪ গৰাকীৰ দেহত কভিড-১৯ পজিটিভ ।
কৰ’নাৰ হটস্পটত পৰিণত হৈ পৰিছে বজালী । বিগত দুটা দিনত ৩০ গৰাকীৰ দেহত কভিড-১৯ পজিটিভ পোৱাৰ পাছত বৃহস্পতিবাৰে একেলগে বজালীৰ নিত্যানন্দত ২৪ গৰাকীৰ দেহত পজিটিভ পোৱাৰ পাছত আতংকিত হৈ পৰিছে ৰাইজ। উল্লেখ্য যে গুৱাহাটীৰ পৰা নিজ গৃহলৈ আহি টেষ্ট কৰাৰ পাছত এইসকল লোকৰ দেহত কভিড ধৰা পৰে। তদুপৰি আক্ৰান্ত লোকসকলে ঘৰলৈ আহি ওচৰে পাজৰে ঘূৰি ফুৰাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ ।