Local, Vocal, Global

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল ছাত্ৰ মুক্তিৰ নেতা

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সম্পাদক অনিল বণিয়া ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সম্পাদক অনিল বণিয়াক গ্ৰেপ্তাৰ৷ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাৰীৰিক অসুস্থতা সম্পৰ্কত কটু মন্তব্য কৰাৰ বাবে অনিল বণিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিহালীৰ ৰাংচালীৰ বাগৃহৰ পৰা বিহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বণিয়াক৷ হঠাৎ অসুস্থ হৈ পৰা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰিছিল অনিল বণিয়াই৷ অসুস্থ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু হওক বুলি  ফেচবুকত দিয়া পোষ্টটো ভাইৰেল হৈ পৰিছিল৷ উল্লেখ্য যে কালি হঠাৎ অসুস্থ হৈ পৰিছিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পৰীক্ষা কৰোৱাৰ অন্তত স্বাস্থ্যমন্ত্ৰীজনৰ কিডনীত পাথৰ হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ ৰাজ্যৰ বহুজনে মন্ত্ৰীজনৰ আশু আৰোগ্য কামনা কৰাৰ বিপৰীতে অনিল বণিয়াই মন্ত্ৰীজনৰ মৃত্যু হওক বুলি বিৰূপ মন্তব্য কৰিছিল৷ আজি বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ মোনাবাৰি চাহ বাগিচাৰ লাহৰিজানত এক পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি সাংবাদিকৰ আগত এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে আইনগত ব্যৱস্থা লৈ উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে৷ বিশেষকৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰা যুৱকজন বিহালী সমষ্টিৰ হোৱা বাবে দুখ প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিৎ দত্তই। আনহাতে ‘কা’ আন্দোলৰ সময়ত মন্ত্ৰীজনে ৫জনকৈ নিৰীহ অসমীয়াক হত্যা কৰাৰ অভিযোগ তুলি তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে মন্ত্ৰীজনৰ মৃত্যু হোৱাটো বিচাৰে বুলি মন্তব্য কৰে অনিল বণিয়াই৷