Local, Vocal, Global

বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত তৈল নগৰী ডিগবৈ

ডিগবৈৰ ২ নং গোলাইত যোৱা দুদিন ধৰি পাইপ ফাটি ওলাই আছে গেছ ৷ গেছৰ গোন্ধত থাকিব নোৱাৰা অৱস্থা হৈছে স্থানীয় ৰাইজৰ  ৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় লোক ৷

স্থানীয় লোকে অসম গেছ কোম্পানীক ফোন যোগে বিষয়টো অৱগত কৰিলেও কোম্পানীৰ কোনো এজন লোকেই দ্বায়িত্ব নলয় ৷ ফোন কৰিলে এজনে আন এজনক কৰিবলৈ কয় ৷ আনজনক কৰিলে ডিউটিত নাই বুলি কয় ৷ মুঠতে গেছ কোম্পানীৰ কোনো এজন লোকেই সঁহাৰি দিয়া নাই আতংকিত ৰাইজক ৷ পৰিস্থিতিয়ে বাঘজানৰ দৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিলেহে গেছ কোম্পানীৰ গা লৰিব নেকি বুলি ৰাইজে প্ৰশ্ন কৰিছে ৷

তদুপৰি এনেদৰে সৰু সৰু বিসংগতি ওলালে দ্বায়িত্ববাহী বিষয়াই কোনো গুৰুত্ব নিদিয়া বাবেই তেল বা গেছৰ উদ্যোগ সমুহত মাজে সময়ে দুৰ্ঘটনা ঘটি থাকে বুলিও ৰাইজে অভিযোগ তুলিছে ৷