Local, Vocal, Global

মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

নিউজ ডেস্ক, ৮ জুন : হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ঘোষণা কৰিছিল যে অতি শীঘ্ৰে মন্ত্ৰীসভাৰ (cabinet) সম্প্ৰসাৰণ হ’ব। আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা।

মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰিছে এই সম্প্ৰসাৰণ অতি ক্ষুদ্ৰ হ’ব। যদিও শৰ্মা মন্ত্ৰী সভাত ৫টাকৈ মন্ত্ৰী পদ খালী আছে ইয়াৰে দুটা পদহে পুৰণ কৰাৰ সম্ভাৱনা আছে।

কোনে কোনে নতুন মন্ত্ৰীসভাত স্থানলাভ কৰিব সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই যদিও সম্প্ৰতি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah) , বিধায়িকা নন্দিতা গালোছা (Nandita Gorlosa), বিদ্যা সিং ইংলেঙৰ (Bidya Sing Engleng) নাম চৰ্চাৰ শীৰ্ষত আছে ।

আনহাতে ইউপিপিএলৰ গোবিন্দ বসুমতাৰীৰ (Govinda Basumatary) নামো আছে চৰ্চাত।

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁলোকে অগপৰ পৰা কাক মন্ত্ৰীত্ব দিয়াতো বিচাৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰীক জনাই থৈছে।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণত কাক অন্তৰ্ভূক্তি কৰিব সেয়া তেওঁ নিজে সিদ্ধান্ত ল’ব বুলি সদৰি কৰে। ৯ জুনৰ আৱেলি ৰাজভৱনত নতুন মন্ত্ৰী সকলে শপত গ্ৰহণ কৰিব।