PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই গুলীয়াই হত্যা মাতৃক

নিউজ ডেস্ক, ৮ জুন : উত্তৰ প্ৰদেশৰ(Uttar Pradesh) লক্ষ্ণৌত(Lucknow) সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰে বিখ্যাত অনলাইন গেম PUBG খেলিবলৈ বাধা দিয়াৰ বাবে তেওঁৰ মাকক গুলীয়াই হত্যা কৰে।
বুধবাৰে পোহৰলৈ আহে এই ঘটনা । আৰক্ষীয়ে জনাই যে PUBG খেলত আসক্ত আছিল কিশোৰ জন। কিন্তু তেওঁৰ মাতৃয়ে বাধা দিছিল PUBG খেলাত। যাৰ বাবে পিতৃৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে মাতৃক।
ADCPয়ে জনাইছিল যে “প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে তেওঁ খেলৰ প্ৰতি আসক্ত আছিল আৰু তেওঁৰ মাতৃয়ে তেওঁক খেলিবলৈ বাধা দিছিল, যাৰ বাবে তেওঁ তেওঁৰ দেউতাকৰ পিষ্টলৰ সৈতে ঘটনাটো সংঘটিত কৰিছিল। তেওঁ লগতে কয় যে শনিবাৰ আৰু দেওবাৰৰ মাজনিশা অপৰাধটো সংঘটিত কৰিছিল,”।
ADCPয়ে আৰু জনাইছিল যে লৰাজনে তদন্তৰ সময়ত “কোনো ইলেক্ট্ৰিচিয়ানৰ বিষয়ে এটা ভুৱা কাহিনী বৰ্ণনা কৰি” আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল।
উল্লেখ্য যে, কিশোৰ জনে প্ৰায় ৩ দিন ধৰি মাতৃৰ মৃতদেহ কোঠাত লুকুৱাই থৈছিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিশোৰ গৰাকীক।