Local, Vocal, Global

নাতি কবিৰে কিদৰে বিদায় জনালে তৰুণ গগৈক?

গৌৰৱ গগৈৰ কণমানি পুত্ৰ কবিৰ আৰু কন্যা মায়াই বুজি পোৱা নাই কি হৈছে। চাৰিওফালে মানুহ। মাজত এটা আইনাৰ বাকচত ফুলৰ মাজত শুই আছে কবিৰৰ ককাক তৰুণ গগৈ। দেউতাক গৌৰৱ গগৈৰ কোলাত ৪ বছৰীয়া কবিৰ। গৌৰৱ গগৈ আৰু এলিজাবেথৰ পুত্ৰ কবিৰে দেউতাকক কিবা এটা সুধিছে। সদ্য প্ৰয়াত গগৈৰ নশ্বৰ দেহ তেওঁৰ চৰকাৰী বাসভৱনত উপস্থিত হোৱাৰ সময়ত দেখা গ’ল এই দৃশ্য। স্বাভাৱিকতে দৃশ্যটোৱে আৱেগিক কৰি তুলিলে বহুতকে। মৃত্যু কি সেয়া বুজি নোপোৱা কণমানি কবিৰে কিজানি এইটোও ধৰিব পৰা নাই ককাক কিয় তেনেদৰে শুই আছে? মানুহৰ ভিৰৰ মাজত মাস্ক পৰিহিত কবিৰে কি সুধিছিল দেউতাকক বা দেউতাকে কি কৈছিল সেয়া কোনেও বুজিব পৰা নাছিল। কিন্তু দেউতাকৰ কোলাত উঠি ককাকক শেষবাৰৰ বাবে চাই ৰোৱা কবিৰক দেখি উপস্থিত বহুজনৰ চকু চলচলীয়া হৈ পৰিছিল।