WATCH | Heated situation : মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
মঙলদৈ,৮মে’ : মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ দুৰ্ঘটনা সংঘটিত কৰা এটা পৰিয়ালৰ সদস্য সকলক চিকিৎসালয়ৰ পৰা উলিয়াই আনি মাৰধৰ কৰাৰ চেষ্টা দুৰ্ঘটনাত পতিতৰ(Heated situation)৷
ঘটনা অনুসৰি মঙলদৈ- খাৰুপেটীয়া পথত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ খাৰুপেটীয়াৰ নাগেশ্বৰত বলেৰ’ আৰু এখন দুচকীয়া বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হয় ৷দুৰ্ঘটনাত আহত বাইক আৰোহী তিনিজন আৰু বলেৰ’চালক গৰাকীক। আহত লোককেইজনক চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আনে ৷
এনে সময়তে চাৰিচকীয়া বাহনৰ চালক জনৰ কেইবাজনো সংগী মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ হাতে হাতে টাঙোন লৈ আহি দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিত আৰম্ভ কৰে ৷ আক্ৰমণকাৰিয়ে আহত বলেৰ’ চালক জনক চিকিৎসালয়ৰ পৰা লৈ উধাও হয় দলটো।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত যুৱতীক নিৰ্যাতনৰ অভিযোগ