WATCH | Jamugurihat News : জামুগুৰিহাটত যুৱতীক নিৰ্যাতনৰ অভিযোগ
জামুগুৰিহাট,৮মে’ : জামুগুৰিহাটত যুৱতীক নিৰ্যাতনৰ অভিযোগ। যুৱতীক সামাজিক মাধ্যমত ধন দাবীৰে ব্লেকমেইলিং লম্পট যুৱক পাপু বৰাৰ।
জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱৰ কৰবী দাস নামৰ যুৱতী গৰাকীৰ সৈতে ইনষ্ট্ৰাগ্ৰামত পাপু বৰা নামৰ যুৱক জনে ভুৱা ইনষ্ট্ৰাগ্ৰাম একাউণ্ট খুলি প্ৰথমে চিনাকি হৈ বন্ধুত্ব গঢ়ি তুলিছিল৷
কিন্তু পিছত উক্ত যুৱকজনে যুৱতী গৰাকীক বিভিন্ন ধৰণে ব্লেক মেইলিং কৰি ধন দাবী কৰাৰ লগতে মানসিক নিৰ্যাতন চলাই বুলি অভিযোগ কৰে যুৱতী গৰাকীয়ে । সহজ সৰল যুৱতী কৰৱী দাসে সেইজন লম্পট যুৱক পাপু বৰাৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ ৷ ইতিমধ্যে ছয়মাহ পূৰ্বে সমগ্ৰ ঘটনাৰ বিৱৰণীৰে পাপু বৰাৰ বিৰুদ্ধে তেজপুৰ মিছন চাৰিআলি আৰক্ষী চকীত কৰৱী দাসে এখন এজাহাৰ দাখিল কৰিছিল(Jamugurihat News)৷
কিন্তু সুদীৰ্ঘ দিন ধৰি আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত উপায়হীন হৈ অসহায় কৰৱী দাস নামৰ যুৱতী গৰাকীয়ে বুধবাৰে পুনৰ এখন এজাহাৰ নিজ এলেকাৰ জামুগুৰি আৰক্ষী থানাত দাখিল কৰে।
লগতে পঢ়ক : WATCH | Boko News : চৰকাৰৰ ভুল নীতিৰ বাবে ধ্বংসৰ পথত এখন বিদ্যালয়