আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ ২০২৩…

ডিজিটেল ডেস্ক:- আজিৰে পৰা আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ ২০২৩।দেশৰ ভিতৰত প্ৰথম বাৰৰ অসমত অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ।ৰাজ্যৰ স্বাস্থ্য সেৱা কেনেধৰণে চলি আছে তাক পৰ্যবেক্ষণ কৰিব বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ লগতে স্বাস্থ্যবিষয়াক নিৰ্দেশ দিয়ে।এই উৎসৱৰ জৰিয়তে ৰাজ্যৰ ২১খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা চিকিৎসালয়, ২০৫ খন সামুহিক স্বাস্থ্য কেন্দ্ৰ আৰু ১০১০ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক সামূৰি লোৱা হ’ব।
প্ৰথমবাৰৰ বাবে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ গুণগত মানৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ এই স্বাস্থ্য সেৱা উৎসৱ আয়োজন কৰা হৈছে। স্বাস্থ্য সেৱা উৎসৱ ২০২৩” ৰ অংশ হিচাপে কামৰূপ জিলাৰ ৮০ খন স্বাস্থ্য কেন্দ্ৰক সামৰি ৮ এপ্ৰিললৈ চলিব এই উৎসৱ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে স্বাস্থ্য বিভাগত সংস্কাৰ সাধন কৰিবলৈ প্ৰতিখন জিলা, সদৰ, মহকুমা আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰে ৷
উল্লেখ্য যে, চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান সমূহৰ মূল্যাংকনৰ বাবে ৰাজ্যৰ ২১ খন জিলা হাস্পাতাল, ১৬ খন মহকুমা চিভিল হাস্পাতাল, ২০৫ খন সমুহীয়া স্বাস্থ্যকেন্দ্ৰ, ১০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসহ মুঠ ১২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠানত ৬ ৰ পৰা ৮ এপ্ৰিললৈ চৰকাৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰিছে।