বিশ্বনাথ চাৰিআলিত পুনৰ দুৰ্নীতি নিবাৰক আৰু অনুসন্ধান শাখাৰ অভিযান

ডিজিটেল ডেস্ক:- বিশ্বনাথত দুৰ্নীতি নিবাৰক আৰু অনুসন্ধান শাখাৰ অভিযানত ৫০০০ টকা লওতে হাতে লোটে গ্ৰেপ্তাৰ স্কুলৰ কেৰাণীক৷
বিশ্বনাথ চাৰিআলিত পুনৰ দুৰ্নীতি নিবাৰক আৰু অনুসন্ধান শাখাৰ অভিযান ৷ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ কেৰানী আনোৱাৰ হুছেইনক ৫ হাজাৰ টকা লোৱাৰ সময়ত হাতেলোটে গ্ৰেপ্তাৰ৷ অৱসৰ লাভ কৰা সহকাৰী শিক্ষক আবুল কাচেম নামৰ ব্যক্তিজনৰ পেঞ্চনৰ কাম কৰি দিয়া বাবে বিচাছিল 22500 হাজাৰ টকা৷
ধৃত কেৰেনীজনৰ নাম আনোৱাৰ হুছেইন৷ ১০৫০০ টকা আগতে লৈছিল আনোৱাৰে৷ আজি লৈছিল ৫ হাজাৰ টকা৷ চহৰৰ মাজমজীয়া পৰা গ্ৰেপ্তাৰ কৰে আনোৱাৰক৷