আজিৰে পৰা আৰম্ভ স্বাস্থ্যসেৱা উৎসৱ ২০২৩

ডিজিটেল ডেস্ক:- আজিৰে পৰা আৰম্ভ স্বাস্থ্যসেৱা উৎসৱ ২০২৩। এই উৎসৱৰ জৰিয়তে ৰাজ্যৰ ২১খন জিলা চিকিৎসালয়, ১৬খন মহকুমা চিকিৎসালয়, ২০৫খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ১০১০খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক সামৰি লোৱা হ’ব। ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰৰ আন্তঃগাঁঠনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিতকৰণৰ লক্ষ্যৰে লোৱা হৈছে “স্বাস্থ্য সেৱা উৎসৱ ২০২৩”।
স্বাস্থ্যসেৱা উৎসৱ ২০২৩ৰ অংশ হিচাপে কামৰূপ জিলাৰ ৮০খন স্বাস্থ্যকেন্দ্ৰক সামৰি ৮ এপ্ৰিললৈ চলিব এই উৎসৱ। কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত এই সেৱাৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ সঞ্চালক ড° এম, এছ, লক্ষ্মীপ্ৰিয়াই। সঞ্চালকগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীসকলৰ লগতে ৰোগীৰ সৈতেও মত-বিনিময় কৰে।