Local, Vocal, Global

SPRO Kukil Dutta died : TRAINING AND ARMS বিভাগক কুকিল দত্তৰ মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ আৰক্ষীৰ সঞ্চালক জি পি সিঙৰ

নিউজ ডেস্ক, ১৩ আগষ্ট : দেশ তথা ৰাজ্যবাসী ব্যস্ত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিত(SPRO Kukil Dutta died) ৷ ইয়াৰ মাজতে শুকুৰবাৰে গুৱাহাটী খানাপাৰাত সংঘটিত হয় এক অঘটন ৷ আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেড অনুশীলনত ব্যস্ত হৈ আছিল কুকিল দত্ত নামৰ এজন জোৱান ৷ কিন্তু অতি ৰহস্যজনকভাৱে পেৰেড অনুশীলন চলি থকাৰ মাজতেই মৃত্যু হয় অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱানজনৰ (DGP announced death investigation of Assam cop Kukil Dutta)৷

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেডৰ অনুশীলনৰ মাজতে শুকুৰবাৰে অকাল মৃত্যুক আঁকোৱালি লয় আৰক্ষী জোৱান কুকিল দত্তই ৷ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱানজনৰ মৃত্যুৰ পাছতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ ৷

শনিবাৰে দীঘলীপুখুৰীস্থিত ৱাৰ মেম’ৰিয়েলৰ সন্মুখত পেৰেডৰ অনুশীলন চাবলৈ উপস্থিত হয় আৰক্ষী সঞ্চালক জি পি সিং । আৰক্ষী জোৱান কুকিল দত্তৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পেৰেড গ্ৰাউণ্ডতে DGP জি পি সিঙে কয় যে, আৰক্ষী জোৱানজনৰ মৃত্যুৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে TRAINING AND ARMS বিভাগক ৷

জানিব পৰা মতে, বিগত কিছু দিনত ইতিমধ্যে তিনিজন আৰক্ষী বিষয়াৰ মৃত্যু হৈছে । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বিতংভাৱে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে অসম আৰক্ষী সঞ্চালকগৰাকীয়ে ৷ লগতে মৃত্যু হোৱা আৰক্ষী জোৱান কুকিল দত্তৰ মেডিকেল ৰিপ’ৰ্ট কোনো তথ্য ওলোৱা নাই বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক জি পি সিঙে ৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ পূৰ্বে অকাল মৃত্যুক সাৱটি লৈছিল অসম আৰক্ষীত কৰ্মৰত জোৱান কুকিল দত্তই ৷ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱান কুকিল দত্তৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ লখিমপুৰৰ গড়েহগা ঢেকিয়াল গাঁওবাসী ৷

কৰ্মসূত্ৰে কুকিল তেজপুৰত নিযুক্ত হৈ আছিল । সমাগত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁক গুৱাহাটীলৈ পঠোৱা হৈছিল ৷ শুকুৰবাৰে পেৰেড অনুশীলনৰ সময়ত অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয় কুকিলে ।

লগতে পঢ়ক : SPRO Kukil Dutta died : স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনৰ সময়ত গুৱাহাটীত অসম আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু