Hawaii Wildfires: সংহাৰী বনজুইৰ গ্ৰাসত আমেৰিকাৰ হাৱাই দ্বীপ; বনজুইত অগ্নিদগ্ধ হৈ মৃত্যু ৫৩জন লোকৰ
![Hawaii Maui wildfires death toll reaches 53](https://mynewsne.com/wp-content/uploads/2023/08/noname-22-750x430.jpg)
ইন্টাৰনেশ্যনেল ডেস্ক, ১১আগষ্ট : ভয়ংকৰ দুৰ্যোগৰ কৱলত আমেৰিকাৰ এটা দ্বীপ (Hawaii Wildfires)। প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে মাউয়ি দ্বীপ।সংহাৰী জুইৰ গ্ৰাসত দ্বীপটো । জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে সমগ্ৰ দ্বীপটোত।তিনিদিন ধৰি জ্বলি থকা সংহাৰী জুইত এই পৰ্যন্ত কমেও ৫০ ৰো অধিক লোক মৃত্যু মুখত পৰিছে (Hawaii Maui wildfires death toll reaches 53) ।
বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা অনুসৰি, অনুসন্ধানকাৰী দলে জুইত অগ্নিদগ্ধ হোৱা ঘৰবোৰত প্ৰৱেশ কৰি অনুসন্ধান আৰম্ভ কৰিছে । বিষয়াসকলে কয় যে, ধ্বংসযজ্ঞ ইমান ব্যাপক আৰু ইমান প্ৰলয়ংকৰী আছিল যে এই দুৰ্যোগৰ ফলত কিমানটা অট্টালিকা জ্বলিছিল আৰু ক্ষতিগ্ৰস্ত হৈছিল তাৰ বিষয়ে অনুমান কৰিব নোৱাৰি ।
এনে ভয়ংকৰ পৰিস্থিতিত মাউয়ি দ্বীপত দুৰ্যোগ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ(Hawaii Wildfires)।
ভয়ংকৰ দুৰ্যোগৰ কৱলৰ পৰা উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি, এই পৰ্যন্ত ৫৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে(Hawaii fire death toll hits 53) ।লগতে উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধি পাব। তেওঁলোকৰ দাবী কৰে যে দ্বীপটোৰ ৮০ শতাংশ অঞ্চলৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত প্ৰায় এক হাজাৰ লোকক নিৰাপদ আশ্ৰয় স্থলীলৈ প্ৰেৰণ কৰিছে আৰু পৰ্যটকসকলকো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ।
জানিব পৰা মতে, ৮আগষ্ট, মঙ্গলবাৰে আমেৰিকাৰ হাওয়াৰ মাউয়ি দ্বীপত সামুদ্ৰিক ঘূৰ্ণী বতাহে খুন্দা মাৰিছিল। আৰু খুন্দা মৰাৰ পাছতে দ্বীপটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্ৰিকাণ্ড ইমানে ভয়ংকৰ আছিল যে সেই অগ্নিকাণ্ডই পৰৱৰ্তী সময়ত সমগ্ৰ দ্বীপটোকে আগুৰি ধৰে। অগ্নিকাণ্ডৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ বহু লোকে সাগৰত জাপ মাৰে।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, মাউয়ি দ্বীপৰ অগ্নি এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই। এই জুই ইমানে ভয়ংকৰ আছিলে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াও অতিকমেও এসপ্তাহৰ সময়ৰ প্ৰয়োজন হ’ব।
এই ভয়ংকৰ জুইৰ ফলত কিমানে ঘৰ এৰি গ’ল আৰু কিমান ঘৰ জ্বলিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই । ক’লা ধোঁৱাই আগুৰি আছে সমগ্ৰ দ্বীপটো।
বৃহস্পতিবাৰে, ৰাজ্যপালজনে চিএনএনক কয় যে “১,৭০০ টা অট্টালিকাৰ ওপৰভাগ” ধ্বংস হৈছে। আৰু দ্বীপটোত জুই জ্বলি আছে। মাউ কাউণ্টিৰ বিষয়াসকলে অনুমান কৰিছিল যে স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা লৈকে লাহাইনাজ্বলা জুই ৮০% নিয়ন্ত্ৰণ কৰা হৈছিল।
বৃহস্পতিবাৰে বিষয়াসকলে কয় যে দ্বীপটোৰ জুই ১০০% নিয়ন্ত্ৰণ কৰিব পৰা নাই । উপকূলৰক্ষী বাহিনীয়ে কমেও ১৭ জন লোকক পানীৰ পৰা উদ্ধাৰ কৰে আৰু আন ৪০ জন লোকক তীৰৰ পৰা উদ্ধাৰ কৰে। লগতে বিষয়াসকলে কয় যে ,এতিয়াও অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
লগতে পঢ়ক :Cloudburst Himachal Pradesh: হিমাচল প্ৰদেশত বৰষুণৰ বিধ্বংসী ৰূপ