Local, Vocal, Global

TET teacher found dead in khanapara: আত্মহত্যাৰ পূৰ্বে লিখি থৈ গ’ল চুইচাইড নোট

গুৱাহাটী, ১১আগষ্ট : খানাপাৰাত উদ্ধাৰ টেট শিক্ষকৰ মৃতদেহ । শুকুৰবাৰে চিপ লৈ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । উল্লখ্য যে, বৃহস্পতিবাৰে নিশাই মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্য়ক্ষ কৰে আৰু ঘটনা সন্দৰ্ভত শুকুবাৰে আৰক্ষীক খবৰ দিয়ে আৰক্ষীক । আৰক্ষীয়ে ঘটনাস্থলীয় উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিলে যদিও পৰৱৰ্তি সময়ত আৰক্ষীয়ে চিনাক্ত কৰে মৃতদেহটো (TET teacher found dead in khanapara)।

চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো এজন শিক্ষকৰ আছিলে । ২০১৬ চনত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁ ।মৃত শিক্ষকজন নাম প্রণৱ মিলি আৰু তেওঁ বৰ্তমান ধুবুৰীত কৰ্মৰত আছিলে বুলি জানিব পৰা গৈছে((Dead body recovered in Guwahati )। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি ওলমি থৈ যোৱাৰ সন্দেহ কৰা হৈছে। আৰু এয়া হত্য়া নে আত্মহত্য়া সেয়া নিশ্চিত হোৱা নাছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল ।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। কিয়নো প্ৰণৱ মিলিৰ পৰা উদ্ধাৰ হৈছে এখন চুইচাইড নোট।

য’ত লিখা আছে মই এগৰাকী টেট শিক্ষক । দৰমহা কম আৰু সেয় বাবে চলিব নোৱাৰে। ”ল’ৰা-ছোৱালী মাকৰ লগত থাকিব লগা হয়। সৰু ল’ৰা এটাও আছে। এচ বি আইত লোন আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লো। মোৰ মৃত্যুয়ে যাতে সিঁহতৰ জীৱনত ক্ষতি নকৰে। মাননীয় মুখ্যমন্ত্ৰী তথা প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫ টা বছৰ চাকৰিকাল আছে । মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই”।

ঋণৰ বোজাৰ বাবে এই চৰম সিদ্ধান্ত ললে প্ৰণৱ মিলিয়ে। ইতিমধ্যে প্ৰণৱ মিলিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বাবে যো-জা কৰা হৈছে।এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :TET teacher found dead in khanapara: মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ শিক্ষকৰ মৃতদেহ