Local, Vocal, Global

Cloudburst Himachal Pradesh: হিমাচল প্ৰদেশত বৰষুণৰ বিধ্বংসী ৰূপ

নেশ্যনেল ডেস্ক, ১০আগষ্ট : ৰুষ্ট প্ৰকৃতি । প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ । হিমাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ। হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাত বৰষুণে লৈছে বিধ্বংসী ৰূপ । চিৰমৌৰ জিলাত বুধবাৰে সন্ধিয়া বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু বুধবাৰে সন্ধিয়াই একেৰাহে প্ৰায় ৫ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হয় যাৰ ফলত ব্য়াহত হৈ পৰে জীৱন-যাত্ৰা (Cloudburst Himachal Pradesh)।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া চিৰমুৰ জিলাৰ পাওণ্টা চাহিব উপ-সংমণ্ডলৰ চিৰমৌৰী তাল গাঁৱত এক ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই দুৰ্যোগত ৫ জন লোক সন্ধানহীন হয় । আনহাতে, দুটা মৃতদেহ উদ্ধাৰ হয় । ইয়াৰে ভিতৰত এটি শিশু আৰু আনটো ঘৰৰ মুৰব্বীৰ । ঘটনাটোৰ পিছতে জিলা প্ৰশাসনৰ লোক গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে(5 of family feared trapped as house collapses after cloudburst in Himachal Pradesh) ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া চিৰমুৰ জিলাৰ পাওণ্টা চাহিব উপ-সংমণ্ডলৰ চিৰমৌৰী তাল গাঁৱত মূষলধাৰ বৰষুণৰ হয় আৰু মালগীৰ অৰণ্যত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । দুৰ্যোগৰ ফলত ৫জন লোক সন্ধানহীন হয় বুলি জানিব পৰা গৈছে লগতে এই দুৰ্যোগৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । দুই মৃতদেহ উদ্ধাৰ কৰা হৈছে ইয়াৰে ভিতৰত এটি শিশু আৰু আনটো ঘৰৰ মুৰব্বীৰ ।দুৰ্যোগৰ ফলত বাবে কুলদীপ সিং নামৰ ব্যক্তিজন ঘৰৰ ধ্বংসাৱশেষৰ তলত পোত যায়(House collapses after cloudburst in Sirmaur five of family feared trapped under debris) ।

আনহাতে, একেটা পৰিয়ালৰ ৫ জন সদস্য সন্ধানহীন হৈ আছে বুলি তথ্য পোৱা গৈছে । হঠাতে ডাৱৰ বিস্ফোৰণৰ বাবে ৩ টা ঘৰ ধ্বংসস্তূপত পৰিণত হয় । ইয়াৰে ভিতৰত কুলদীপ সিঙৰ ব্যাক্তিজনৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় ।

উল্লেখ্য যে, ডাৱৰ বিস্ফোৰণৰ পিছত কুলদীপ সিঙৰ পৰিয়ালৰ লোকসকলে ঘৰৰ পৰা ওলাই যাব নোৱাৰিলে । যাৰ ফলত পৰিয়ালৰ ৫ জন লোক সন্ধানহীন হয় । কিন্তু ঘৰটোৰ ধ্বংসাৱশেষৰ পৰা এটি শিশু আৰু ঘৰটোৰ মুৰব্বী কুলদীপ সিঙৰ মৃতদেহ উদ্ধাৰ হয় ।

এই ঘটনাৰ পিছতে প্ৰশাসন আৰু অঞ্চলটোৰ শ শ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীত অনুসন্ধান আৰম্ভ কৰে । এই ভয়ংকৰ দুৰ্ঘটনাত পতিত লোকসকল হৈছে ক্ৰমে, কুলদীপ সিং (৬৩), তেওঁৰ পত্নী জিতো দেৱী (৫৭), বোৱাৰী ৰজনী (৩১), নাতিনীয়েক নীতেশ (১০) আৰু দীপিকা (৮) ।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানপানী হোৱাৰ বাবে ৭০৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজবনৰ পৰা চৌতানলৈকে বন্ধ কৰি দিয়া হয় । যাৰ ফলত প্ৰশাসনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়( House collapses in Himachal Pradesh due to cloudburst 5 people feared buried under debris) ।

ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, তেওঁলোকে আজিলৈকে এনে ভয়ংকৰ দৃশ্য দেখা নাই কেতিয়াও ।

লগতে পঢ়ক : Cyber Crime in Assam : মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী