Local, Vocal, Global

Rahul Gandhi over flying kiss in Parliament: মাৰ যোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ফ্লাইং কিছ’ বিতৰ্ক

নেশ্যনেল ডেস্ক, ১১আগষ্ট : মাৰ যোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ফ্লাইং কিছ’ বিতৰ্ক । সদনৰ পৰা ওলাই অহাৰ সময়তে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক ‘ফ্লাইং কিছ’ দিয়া বিতৰ্ক চলি আছে ।

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ পিছত বুধবাৰে প্ৰথমবাৰ সংসদত নিজৰ ভাষণ প্ৰদান কৰে (No-confidence motion in Lok Sabha)। ৰাহুল গান্ধীৰ ভাষণৰ পিছতে সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

ৰাহুল গান্ধীয়ে নিজৰ ভাষণ সমাপ্ত হোৱাৰ পিছতে বাহিৰলৈ ওলাই আহিছিল, সেই সময়তে এনে অভিযোগ উত্থাপন হয় ৰাহুল গান্ধীৰ বিৰুদ্ধে যাক লৈ মহিলা সাংসদসকলে আপত্তি কৰে । আনহাতে সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণ চলি আছিল । অৱশ্যে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ এই দৃশ্য কেমেৰাত আবদ্ধ হোৱা নাই ।

এই মুহূৰ্তৰ সাক্ষী হোৱাসকলৰ মতে, যেতিয়া ৰাহুল গান্ধীয়ে নিজৰ ভাষণৰ পিছত লোকসভা চৌহদৰ পৰা ওলাই আহিছিল, সেই সময়তে তেওঁৰ ফাইল হাতৰ পৰা পৰি গৈছিল । সেয়া উঠাবলৈ লোৱাৰ সময়তে বিজেপি সাংসদসকলে হাঁহিবলৈ ধৰে । সেই সময়তে ৰাহুল গান্ধীয়ে বিজেপি সাংসদসকলৰ ফালে ফ্লায়িং কিছ দিয়ে আৰু হাঁহি হাঁহি বাহিৰলৈ ওলাই আহে(congress MLA no dearth of women for rahul gandhi) ।

ৰাহুল গান্ধীৰ ফ্লায়িং কিছক লৈ লগে লগে বিতৰ্ক আৰম্ভ হয়(Rahul Gandhi in Parliament) । সদনত ভাষণ দি থকাৰ সময়তে স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি লয় আৰু কয় যে, কেৱল এগৰাকী মহিলা বিৰোধী ব্যক্তিয়েহে সংসদত মহিলাক ফ্লায়িং কিছ দিব পাৰে । কিন্তু এনে উদাহৰণ দেখা নাই । ইয়াৰ পৰা জানিব পাৰি তেওঁ মহিলাসকলক লৈ কি ভাবে । এয়া অভদ্ৰ আচৰণ ।

এই ‘ফ্লাইং কিছ’ বিতৰ্কৰ চলি থকাৰ মাজতে বিহাৰৰ এগৰাকী কংগ্ৰেছ বিধায়কে ‘ফ্লাইং কিছ’ সন্দৰ্ভত এক মন্তব্য কৰে।

তেওঁ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক কটাক্ষ কৰি কয় যে , ৰাহুল গান্ধীৰ বাবে মহিলাৰ অভাৱ নাই। যদি ৰাহুল গান্ধীৰ ফ্লাইং কিছ দিব লগা হ’লহেঁতেন, তেন্তে তেওঁ এগৰাকী যুৱতীক দিলেহেতেন(If Rahul Gandhi wants to give flying kiss he has many women available )। এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় ফ্লাইং কিছ দিব?এই অভিযোগৰ কোনো ভিত্তি নাই বুলি কয় কংগ্ৰেছ নেত্ৰী নিতু সিঙে(Congress MLA from Bihar Neetu Singh)।

এই ভাষ্য বিজেপিৰ নেতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কংগ্ৰেছ নেত্ৰী গৰাকীৰ স্মৃতি ইৰাণীক কটাক্ষ কৰি এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক :Rahul Gandhi in Parliament : সংসদ চলি থকাৰ সময়তে ‘ফ্লায়িং কিছ’দি বিতৰ্কত ৰাহুল গান্ধী