Website Design: dastechnologies.in
গৰুচোৰক কেন্দ্ৰ কৰি নিশা দুই বজাত কামৰূপৰ পালাৰা গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উল্লেখ্য যে বিগত কিছুদিন ধৰি উত্তৰ কামৰূপৰ হাজো, কমলপুৰ, ৰঙিয়াৰ বিভিন্ন প্ৰান্তত নিশা হ’লে গৰুচোৰৰ উপদ্ৰৱত সন্ত্ৰস্ত অঞ্চলবাসী৷ গাঁৱৰ দুখীয়া লোকৰ গৰুসমূহ চোৰে বিলাসী বাহনৰ জৰিয়তে চুৰি কৰি একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। আনহাতে গাঁওসমূহত গাঁওৰক্ষী বাহিনীসমূহে পহৰা দিয়াৰ ব্যৱস্থা গঢ়ি তুলিছে যদিও নিশা পালাৰা গাঁৱত গৰু চুৰিৰ উদ্দেশ্যে প্ৰৱেশ কৰে এখন বিলাসী গাড়ী। গাঁওৰক্ষী বাহিনীৰ দল দেখা পাই গাড়ীত অহা চাৰিজনীয়া গৰুচোৰৰ দলটোৱে গাড়ী এৰি পলায়ন কৰে। পিছত উত্তেজিত ৰাইজে গাড়ীখন ভাঙি চুৰমাৰ কৰে।