Local, Vocal, Global

ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড

প্ৰথমে বাক্ বিতণ্ডা তাৰপাছত কাজিয়া, অৱশেষত হত্যা

এই ঘটনা তিনিচুকীয়াৰ শ্ৰীপুৰীয়া AOC গে’টৰ। জানিব পৰা মতে ককায়েক বিজয় সিং আৰু ভায়েক ৰাজকুমাৰ সিঙৰ মাজত সামান্য কথাতে বাক্ যুদ্ধৰ আৰম্ভ হয়৷ পিছত বাক্ যুদ্ধই কাজিয়াৰ ৰূপ লয়৷ ককায়েক বিজয়ে খৰ্গহস্ত হৈ ভায়েক ৰাজকুমাৰৰ ওপৰত হাতত থকা বিয়েৰৰ বটলেৰে বহুবাৰ আঘাত কৰাত ৰাজকুমাৰ থিতাতে নিহত হয়। হত্যাকাণ্ড সংঘটিত কৰি বিজয় সিঙে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।