লখিমপুৰত হোটেল বয় Covid-19 আক্ৰান্ত

লখিমপুৰ স্বাস্থ্য বিভাগৰ নতুন প্ৰত্যাহ্বান নতুনকৈ চিনাক্ত হোৱা কৰ’না আক্ৰান্তক লৈ
লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ “হোটেল এ এণ্ড এ টু”ৰ কৰ্মচাৰী বিকাশ আলীৰ দেহত ওলাল covid positive
যুৱকজনে হোটেলৰ সন্মুখৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৰিছিল বজাৰ-সমাৰ৷
এই মুহূৰ্তলৈ যুৱকজনৰ কন্টেক্ট ট্ৰেচিং সম্পূৰ্ণ কৰিব পৰা নাই স্বাস্থ্য বিভাগে
বহুলোকৰ দেহলৈ এই হোটেলৰ কৰ্মচাৰীজনৰ পৰা ভাইৰাছ বিয়পাৰ আশংকা৷
একেদৰে খেলমাটিৰ এজন বি এছ এফ বিষয়াৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে
বিকাশ আলীক নিশাই কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও স্বাস্থ্য বিভাগৰ সন্মুখত বিকাশক লৈ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে৷
কাৰণ দুদিনমানৰ পূৰ্বে উক্ত হোটেলত কোৱাৰেন্টাইনত থকা বহিঃৰাজ্যৰ পৰা অহা এজন ব্যক্তিৰ দেহত কৰ’না পজিটিভ পোৱা গৈছিল৷
সন্দেহ কৰা হৈছে যে এই কৰ’না পজিটিভ ব্যক্তিগৰাকীৰ সান্নিধ্যলৈ আহিছিল বিকাশ
এতিয়া স্বাস্থ্য বিভাগৰ সমস্যাৰ সৃষ্টি হৈছে বিকাশৰ কন্টেক্ট ট্ৰেচিং কৰাৰ ক্ষেত্ৰত
আনহাতে লখিমপুৰৰ খেলমাটিৰ এজন ব্যক্তিৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে
ৰঘুনাথ বৰী নামৰ ব্যক্তিজন বিএছএফৰ উপ-পৰিদৰ্শক
তেওঁ ঝাৰখণ্ডৰ পৰা এখন গাড়ীৰে লখিমপুৰ খেলমাটিৰ ঘৰলৈ আহি হোম কোৱাৰেন্টাইনত আছিল
যোৱা ১২ জুনত তেওঁৰ স্বোৱাব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু দেওঁবাৰে নিশা ফলাফলত কভিড পজিটিভ হিচাপে চিনাক্ত হয়
ইয়াকে লৈ লখিমপুৰ জিলাৰ মুঠ Covid ৰোগীৰ সংখ্যা সোমবাৰে বিয়লিলৈ হ’লগৈ ৮৭গৰাকী
ইতিমধ্যেই ৪৫গৰাকী ৰোগীক সুস্থ হোৱাত ঘৰলৈ যাব দিয়ে লখিমপুৰ স্বাস্থ্য বিভাগে।